
newsnextone.com | নগাঁওঃ কেৱল নগাঁও জিলাৰে নহয় নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজ এতিয়া ৰাজ্যখনৰ বাবে গৌৰৱৰ কলেজ হৈ পৰিছে৷ প্ৰতিবছৰে উন্নত ফলাফল কৰি শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি বৃহস্পতিবাৰে ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ঈৰ্ষণীয় সফলতা অৰ্জন কৰিছে নগঞা পৰীক্ষাৰ্থীয়ে৷
মুঠ ৯ গৰাকী নগঞা মেধাৱী পৰীক্ষাৰ্থীয়ে ৰাজ্যৰ ভিতৰত স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ ইয়াৰ ভিতৰত কলা শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ছাত্ৰী সম্প্ৰীতি ৰাজখোৱাই আৰু বাণিজ্য শাখাত গীতাঞ্জলী জুনিয়ৰ কলেজৰ ছাত্ৰ ৰৌণক লোহিয়াই অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰি জিলাবাসীক গৌৰাৱান্বিত কৰে৷
তদুপৰি কলা শাখাত আকৌ অসমৰ ভিতৰত দ্বিতীয় স্থান আজুৰি আনে নগাঁৱৰে কনচেপ্ট জুনিয়ৰ কলেজৰ ছাত্ৰ ত্ৰিদিপ বৰাই৷ ইয়াৰ বিপৰীতে কলা শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ ত্ৰিপৰ্ণা বৰা আৰু অংকিতা চেত্ৰীয়ে ক্ৰমে ৰাজ্যৰ ভিতৰত সপ্তম আৰু অষ্টম স্থান অৰ্জন কৰে৷
আনহাতে বাণিজ্য শাখাত গীতাঞ্জলী জুনিয়ৰ কলেজৰ ৰছিকা আগৰৱালা আৰু চিংকি চেঠিয়াই ক্ৰমে ৰাজ্যৰ প্ৰথম দহটা স্থানৰ ভিতৰত ক্ৰমে চতুৰ্থ আৰু অষ্টম লাভ কৰি জিলাখনক উজ্বলাই তোলে৷
ইয়াৰোপৰি বিজ্ঞান শাখাত ৰামানুজন জুনিয়ৰ কলেজৰ দুই মেধাবী পৰীক্ষাৰ্থী ক্ৰমে মৃন্ময় দাস আৰু ঋত্তিকা কুমাৰী সিঙে ক্ৰমে সপ্তম আৰু দশম স্থান লাভ কৰি সকলোকে গৌৰাম্বিত কৰে৷ কাজেই, এনে বৃহৎ সফলতাত অতিকে উৎসাহিত হৈ পৰা নগঞা ৰাইজৰ মাজত স্বাভাবিকতেই উছাহৰ ঢল বোৱা পৰিলক্ষিত হৈছে ৷ ফলাফল ঘোষণাৰ পিছতেই স্থান লাভ কৰা তিনিওখন শিক্ষানুষ্ঠানত উৎসাহী জনতাৰ সোঁত বয় আৰু সকলোয়ে স্ফূৰ্তি-তামাচাৰে পৰীক্ষাৰ ফলাফলৰ বাবে আনন্দিত হৈ পৰে৷