
ডিজিটেল ডেস্ক |নগাঁওঃ কলংপাৰৰ ঐতিহ্যমণ্ডিত চহৰ নগাঁৱত এইবাৰ প্ৰায় ডেৰশখন পূজা সমিতিৰ উদ্যোগত শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হৈছে৷ ৪ লাখ টকাৰ পৰা ১৫-২৫ লাখ টকা লৈকে বিগ বাজেটেৰে পূজা সমিতিসমূহে একপ্ৰকাৰে পৰস্পৰে পৰস্পৰৰ মাজত প্ৰতিদণ্ডিতাত নামি পৰিছে৷ এইবাৰ নগাঁও চহৰৰ অধিকাংশ পূজা মণ্ডপতে ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাগত বৈশিষ্ট্যৰ লগতে অত্যাধুনিক কাৰুকাৰ্য আৰু আলোকসজ্জাৰ চমক দেখিবলৈ পোৱা গৈছে৷ অৱশ্যে ইয়াৰ মাজতে প্ৰতিখন পূজা সমিতিয়েই নিজা নিজা পূজা মণ্ডপসমূহক সমন্বয়ৰ ক্ষেত্রলৈ পৰ্যৱেক্ষিত কৰাৰো প্ৰণ লোৱা দৃষ্টিগোচৰ গৈছে৷
কেৱল নগাঁও পৌৰ সভাৰ এলেকাৰ ভিতৰতে ১২৫ খন পূজা অনুষ্ঠিত হৈছে৷ এই পূজাসমূহৰ ভিতৰত পাঁচখন পূজাই ইতিমধ্যেই শতবৰ্ষ গৰকাৰ বিপৰীতে পাঁচখন পূজা সমিতিয়ে মহাৰজত জয়ন্তী, চাৰিখনে হীৰক জয়ন্তী আৰু বাৰখন পূজা সমিতিয়ে সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে৷ ইয়াৰ ভিতৰত চহৰখনৰ খ্ৰীষ্টানপট্টি (বেলতলা)ৰ বিখ্যাত জানকী নাথ সেন উকীলৰ (ব্যক্তিগত) ঘৰৰ দূৰ্গা মন্দিৰত এইবাৰ ১৬৯ সংখ্যক দূৰ্গা পূজা অনুষ্ঠিত হৈছে৷ আনহাতে, চহৰখনৰ হয়ৱৰগাঁও বীনাপাণি পূজা সমিতিৰ উদ্যোগত ১৪৯ সংখ্যক দূৰ্গা পূজা, নগাঁও বাংগালী সন্মিলনীৰ উদ্যোগত ১২৫ সংখ্যক দূৰ্গা পূজা, আমোলাপট্টি দূৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২৩ সমখ্যক দূৰ্গাপূজা, ফৌজদাৰীপট্টি সাৰ্ব্বজনীন দূৰ্গাপূজা উৎসৱ সমিতিৰ উদ্যোগত ১২১ সংখ্যক দূৰ্গাপূজা অনুষ্ঠিত হৈছে৷
ইতিপূৰ্বে মহাৰজত জয়ন্তী বৰ্ষ অতিক্ৰম কৰা নগাঁও চহৰৰ উল্লেখযোগ্য দূৰ্গাপূজা সমূহৰ ভিতৰত পানীগাঁও কালীবাৰী দূৰ্গাপূজা সমিতিয়ে এইবাৰ ৯৭ সংখ্যক, হিন্দুস্থানপট্টি সাৰ্ব্বজনীন ঠাকুৰবাৰী দূৰ্গাপূজা সমিতিৰ ৮৯ সংখ্যক, হয়ৱৰগাঁও বাংগালী পূজাবাৰী সমিতিৰ ৮৬ সংখ্যক, নগাঁও পুলিচ ৰিৰ্জাভ দূৰ্গাপূজা সমিতিৰ ৮৬ সংখ্যক, এন.এফ.ৰে'লৱে পূজা সমিতিৰ ৭৮ সংখ্যক, ছামাদ্দাৰপট্টি সাৰ্ব্বজনীন পূজা সমিতিৰ ৭১ সংখ্যক, হয়ৱৰগাঁও ৰে'লৱে সাৰ্ব্বজনীন কালী মন্দিৰ সমিতিৰ ৭০ সংখ্যক, কলংপাৰ নেপালী মন্দিৰ সাৰ্ব্বজনীন পূজা সমিতিৰ ৬৬ সংখ্যক, বিবেকানন্দপল্লী শাৰদোৎসৱ সমিতিৰ ৬৪ সংখ্যক দূৰ্গাপূজা অনুষ্ঠিত হৈছে৷
তদুপৰি নগাঁও চহৰৰ আন ১২ খন পূজা সমিতিয়ে ইতিপূৰ্বে সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিছে৷ এইবাৰ চহৰখনৰ ৰামকৃষ্ণ পথৰ ভাৰত সেৱা শ্ৰম সংঘৰ অনুমোদিত নগাঁও হিন্দু মিলন মন্দিৰ পূজা উৎসৱ সমিতিয়ে প্ৰতিদিনে পূজা মণ্ডপৰ সন্মুখত জীৱন্ত ৰূপত ছাৰ্জিকেল ষ্ট্ৰাইক প্ৰৰ্দশন কৰিছে৷ মন্দিৰৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰহ্লাদ বনিকে জনোৱা মতে, পূজা উৎসৱৰ লগত সংগতি ৰাখি মন্দিৰৰ স্থায়ী ভৱন আৰু ভাৰত সেৱা শ্ৰম সংঘৰ প্ৰতিষ্ঠাতা স্বামী প্ৰনৱানন্দজী মহাৰাজৰ প্ৰতিমূৰ্তি ইতিমধ্যে উন্মোচন কৰা হৈছে৷
ইপিনে, নগাঁও বঙালী সন্মিলনিৰ ১২৫ সংখ্যক পূজা উপলক্ষে ২৫ লাখ টকাৰ বাজেটেৰে আৰ্কষণীয় আলোকৰ মায়াজালেৰে পৰম্পৰাগত গাম্ভীৰ্য্যতা অক্ষুন্ন ৰাখি ৰাইজক বেছ আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে ৷