
নগাঁওঃ নগাঁও জিলাৰ ননৈত এইমাত্ৰ সংঘটিত হ’ল এক গুলীচালনাৰ ঘটনা ৷ দুৰ্বৃত্তৰ গুলীত নিহত অৱসৰপ্ৰাপ্ত সেনা জোৱান ৷ নিহত লোকজনৰ নাম দ্বীপেন নাথ(৫৪) ৷
নিজৰ ঘৰতে থকা অৱস্থাত অচিনাক্ত লোকে গুলিয়ালে অৱসৰপ্ৰাপ্ত সেনা জোৱানজনক ৷ মটৰ চাইকেলত আহিছিল ঘাটকৰূপী দুই অস্ত্ৰাধাৰী যুৱক ৷ বাতৰিতো প্ৰচাৰ হোৱাৰ লগে লগে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
নগাঁওৰ পৰা জয়ন্ত মুদৈ