
নগাঁওঃ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয় একত্ৰিকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড অধিক পৰিমাণে গতিশীল আৰু তৰান্বিত কৰি তোলাৰ অৰ্থে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও সেই প্ৰক্ৰিয়াক বহু সময়ত স্বয়ং একাংশ শিক্ষকেই প্ৰহসনত পৰিণত কৰি তোলা পৰিলক্ষিত হৈছে। ইয়াৰ অন্যতম উদাহৰণ হিচাপে নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত এখন একত্ৰিকৰণ হোৱা বিদ্যালয়ৰ কথাকো ক'ব পাৰি।
জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত এক নিৰ্দেশনাৰ জৰিয়তে বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনৰ হাইডুবী ৰামপুৰ সত্ৰ বালক এম, ই, মাদ্ৰাছা আৰু ৭৩০ নং হাইডুবী মোক্তাৱ নামৰ বিদ্যালয় দুখন একত্ৰিকৰণৰ আওতালৈ আনে আৰু নতুনকৈ নামাকৰণ কৰে হাইডুবী ৰামপুৰ সত্ৰ বালক এম,ই, মাদ্ৰাছাৰ নামেৰে। সেই অনুসৰি একত্ৰিকৰণ হোৱা বিদ্যালয় খনৰ প্ৰধান শিক্ষকৰ দায়িত্বত পূৰ্বৰ এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক ইউছুফ হাজৰিকাকে নিয়ম অনুসৰি সংশ্লিষ্ট বিভাগে অৰ্পণ কৰে।
কিন্তু এনেদৰে চৰকাৰী দায়িত্ব পালনৰ বাবে ন-উদ্যমেৰে আগবাঢ়ি অহাৰ ক্ষেত্ৰত প্ৰধান শিক্ষক ইউছুফ হাজৰিকাৰ বিৰুদ্ধে এক দুষ্ট চক্রই সক্ৰিয় হৈ পৰে বুলি জানিব পৰা গৈছে । আনকি এই চক্রটোৱে প্ৰধান শিক্ষকজনৰ বিৰুদ্ধে বিভিন্ন মনে সজা অভিযোগ উত্থাপন কৰি সৰ্বত্ৰে প্ৰচাৰ কৰি প্ৰধান শিক্ষক জনক নিজৰ দায়িত্ব পালনত বাধাৰ সৃষ্টি কৰাৰ লগতে মানসিকভাৱে হাৰাশাস্তিৰ কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে।
উল্লেখযোগ্য যে, বিভাগীয় নিয়ম অনুসৰি, একত্ৰিকৰণৰ পিছত নতুন প্ৰধান শিক্ষকজনক সংলগ্ন কৰণৰ হাইডুবী মোক্তাৱ প্ৰধান শিক্ষকজনে সকলো নথি পত্ৰ গতাই দিব লাগে। কিন্তু ৭৩০নং হাইডুবী মোক্তাৱৰ পূৰ্বৰ প্ৰধান শিক্ষক ইন্নচ আলীয়ে বিভাগীয় নীতি নিয়মক ভৰিৰে মোহাৰি আজিকোপতি একত্ৰিকৰণৰ বিদ্যালয়ৰ প্ৰধানক কোনো নথি পত্ৰ দাখিল নকৰাত বিদ্যালয়ৰ প্ৰশাসনিক কাম কাজ চলাই নিয়াত প্ৰধান শিক্ষক ইউছুফ হাজৰিকাই ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে৷
এনে কাৰ্যত বিমোৰত পৰা ইউছুফ হাজৰিকাই যোৱা ৮ ফেব্ৰুৱাৰী, ২০ ফেব্ৰুৱাৰী আৰু ৮ মাৰ্চত হাইডুবী মোক্তাৱৰ প্ৰধান শিক্ষক জনে মধ্যাহ্ন ভোজনৰ হিচাপ নিকাচকে ধৰি যাৱতীয় বিদ্যালয়ৰ সকলো নথি পত্ৰ গতাই নিদিয়া সম্পৰ্কত সবিশেষ বিৱৰি বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াক লিখিত অভিযোগ দাখিল কৰা স্বত্বেও বিষয়টো কোনো সমাধান বৰ্তমানলৈকে হোৱা নাই।
ইয়াৰ বিপৰীতে হাইডুবী মোক্তাৱৰ প্ৰধান শিক্ষক জনে নিজৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতিক সংগী হিচাপে লৈ নতুন প্ৰধান শিক্ষক ইউছুফ হাজৰিকাৰ ঠাইত সেই বিদ্যালয়ৰে এজন সহকাৰী শিক্ষকক প্ৰধান শিক্ষক হিচাপে নিয়োগ কৰাৰ ষড়যন্ত্ৰতহে নামি পৰিছে। প্ৰধান শিক্ষক ইউছুফ হাজৰিকাই বিদ্যালয়ত পাঠ দান নকৰা, মধ্যাহ্ন ভোজনত খেলি মেলি কৰাকে ধৰি বহু কেইটা মনে সজা অভিযোগ উত্থাপন কৰি প্ৰচাৰ কৰি আহিছে। যাৰ ফলত বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিনষ্ট হৈ পৰাৰ অভিযোগ উত্থাপন হৈছে।