
নগাঁওঃ নগাঁও জিলা তিৱা সাহিত্য সভা (তিৱা মাথনলাই তখ্ৰা)ৰ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰীকা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয়৷
উদুলি মুদুলি পৰিৱেশত পুৱা ৯ বজাত অধিৱেশনৰ পতাকা কৰে তিৱা মাথনলাই তখ্ৰাৰ নগাঁও জিলাৰ সভাপতি যোগেশ্বৰ বৰদলৈয়ে আৰু স্মৃতি তৰ্পণৰ শুভাৰম্ভ কৰে জিলা সমিতিৰ সম্পাদক চিত্ৰৰাম দেউৰীয়ে৷
পুৱা ৯.৩০ বজাত জিলাখনৰ বিভিন্ন শাখাৰপৰা অহা প্ৰতিনিধিসকলৰ পঞ্জীয়নৰ অন্তত প্ৰতিনিধি সভাৰ দ্বাৰ উন্মোচন কৰে ভোগেশ্বৰ হাজৰীকা বালিকা উচ্চতৰ মাধ্যকিক বিদ্যালয়ৰ বিষয় শিক্ষক উপেন বৰাই৷
দুপৰীয়া ১২ঃ৩০ বজাৰপৰা যোগেশ্বৰ বৰদলৈৰ পৌৰোহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভা মুকলি কৰে তিৱা স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ বিদ্যুৎ বৰদলৈয়ে৷ আদৰণী সমিতিৰ সভাপতি লক্ষীন্দ্ৰ হোকাইয়ে শুভেচ্ছামূলক ভাষণ আগবঢ়োৱা সভাখনত আদৰণী ভাষণ আগবঢ়ায় লক্ষী বৰদলৈয়ে৷
তিৱা ভাষা আৰু লোক কৃষ্টিৰ উত্তৰণৰ লক্ষ্যৰে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা আজিৰ প্ৰতিনিধি সভাই পৰবৰ্তী তিনি বছৰীয়া কাৰ্যকালৰ বাবে নগাঁও জিলা মাথনলাই তখ্ৰাৰ নতুন সমিতিখন তলত দিয়া ধৰণে সৰ্বসন্মতিক্ৰমে গঠন কৰি দিয়ে৷
সভাপতি বীৰেণ লালুং (মাজ জাজৰি), উপ-সভাপতি সোনাৰাম পাটৰ (জৰাবাৰী), বিষ্ণু বৰদলৈ (আমচৈ), সম্পাদক বলেন্দ্ৰ ডেকাৰজা (বাৰপূজীয়া), সহ-সম্পাদক সুজিত বৰদলৈ (কঠিয়াতলী), দিগন্ত বৰদলৈ (বেবেজীয়া), সাংগঠনিক সম্পাদক ৰঞ্জিত পাটৰ (ৰহা), দিগন্ত বৰদলৈ (বেবেজীয়া), ধন ভঁৰালী প্ৰদীপ ডেকাৰজা (ইটাপাৰা), প্ৰচাৰ সম্পাদক নন্দেশ্বৰ ডেকা (বৰক’লা), লীলাধৰ কোঁৱৰ (কাছমাৰী), মুখপত্ৰ থুৰাৰ সম্পাদক ভূপেন দাৰফাং (কঠিয়াতলী), ভাষা চৰ্চ্চা সম্পাদক ৰামু খলাৰ (কাকী), হিচাপ পৰীক্ষক থানেশ্বৰ কোঁৱৰ (জোঙালবলহু), লক্ষীকান্ত বৰদলৈ (বেবেজীয়া)৷
ইয়াৰ উপৰিও জিলাখনৰ পাঁচগৰাকী লেখক-লেখিকা ক্ৰমে পম্পীমনি ডেকা (কাপ্লাংকুচি), ৰিন্টুমনি বৰদলৈ (হাটবৰ), মুনিন্দ্ৰ বৰদলৈ (হাটবৰ), নবীন কোঁৱৰ (ৰনথলী) আৰু বিজন পাটৰ (নগাঁও চহৰ)ক নতুন সমিতিখনত স্থান দিয়া হৈছে।
অধিৱেশনখনিৰ বিভিন্ন কাৰ্যসূচীত তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ড° বিদ্যুৎ বিকাশ সেনাপতি, উপ-সভাপতিদ্বয় দীপেন্দ্ৰনাথ বৰদলৈ, শৰৎ পাটৰ, নগাঁও জিলা সমিতিৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰহ্লাদ মছৰং, প্ৰদীপ কুমাৰ বৰদলৈ, হাঁচিৰাম বৰদলৈ, তিৱা ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক প্ৰশান্ত কোঁৱৰ আদিকে ধৰি জিলাখনৰ বিভিন্ন শাখা সমিতিৰ কেইবাশতাধিক বিষয়ববীয়া উপস্থিত থাকে৷