
newsnextone.com | নগাঁওঃ ঐতিহ্যমণ্ডিত নগাঁও লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ মঙলবাৰে নগাঁও জিলাৰ নেহেৰুৱালিৰ এখন সভাত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ অঞ্চলৰ বাট পথৰ দুৰাৱস্থা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি থকাৰ সময়তে হোৱাট ননচেন্স বুলি শিক্ষকগৰাকীক ধমক দিয়াত একপ্ৰকাৰ অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷
কেৱল ননচেন্স বুলি ক্ষান্ত নাথাকি মন্ত্ৰীয়ে আসনৰ পৰা উঠি গৈ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীক আঙুলি টোৱাই কটু বাক্যৰে আক্ৰমণ কৰে৷ আঙুলি জোকাৰি অপমান কৰে শিক্ষকগৰাকীক৷ ৰাজেন গোহাঁইৰ একাংশ সাংগো-পাংগোৱে জ্যেষ্ঠ নাগৰিকগৰাকীক মঞ্চৰ পৰা টানি আজুৰি তললৈ নিবলৈ চেষ্টা কৰে৷
মন্ত্ৰীগৰাকীৰ অভব্য আচৰণৰ কথা সংবাদ মাধ্যম যোগে প্ৰচাৰ হোৱাৰ পিছতে সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ মন্ত্ৰীগৰাকীৰ অভব্য আচৰণৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে৷
তাৰ মাজতে বুধবাৰে সংখ্যালঘু সংগ্ৰাম পৰিষদে ৰাজেন গোঁহাইৰ পুত্তলিকা দাহ কৰি শিক্ষক সমাজক ক্ষমা খোজাৰ দাবী জনায়৷ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ টুকটুকী আঞ্চলিক সমিতিয়ে টুকটুকী স্থিত কটহগুৰি বজাৰত ৰাজেন গোহাঁইক প্ৰতিমূৰ্তি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
সংগ্ৰাম পৰিষদৰ টুকটুকী আঞ্চলিকৰ সম্পাদক মতিউৰ ৰহমানে (বাবলু) কয় যে, ৰাজেন গোহাঁয়ে নগাঁও নেহেৰুবালিত এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক আঙুলি জোকাৰি WHAT NONSENSE বুলি কৈ ৰাজহুৱা স্থানত যি দুৰ্ব্যৱহাৰ কৰিলে সেই কাৰ্যক সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছে৷
শিক্ষাগুৰুক অপমান কৰাৰ বাবে আমি ৰাজেন গোহাঁইক ধিক্কাৰ দিছোঁ। লগতে ২৪ ঘন্টাৰ ভিতৰতে গোহাঁয়ে ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনাইছো৷ অন্যথাই সংখ্যালঘু সংগ্ৰাম পৰিষদে গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ দিয়ে।