
নলবাৰীঃ ৰাজ্য খনৰ পৰা অবৈধ নাগৰিকক বিতাৰণৰ দাবীত কেইবাটাও দশক প্ৰতিবাদত উত্তাল হৈ আছে ৰাজ্য৷ জাতীয় দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি এখন শুদ্ধ নাগৰিকপঞ্জী তৈয়াৰৰ দাবী উত্থাপন হৈ আহিছিল৷ তাৰ মাজতে বহু পলমকৈ অসম চুক্তি অনুসৰি কংগ্ৰেছ চৰকাৰে আৰম্ভ ৰাষ্টীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম৷
নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম চলি আছে যদিও লেহেমীয়া গতিত উন্নীতকৰণৰ কাম চলি আছে বুলি অভিযোগ উত্থাপন হয়৷ দেওবাৰে নলবাৰী জিলা ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী শীঘ্ৰে উন্নীতকৰণৰ দাবীত নলবাৰী জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। সংগঠনটোৱে নলবাৰী জিলাৰ উন্নয়ণ আয়ুক্ত নাদিৰা জেছমিনৰ জৰিয়তে উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে সংগঠনটোৱে।
আছুৰ ৰাজ্যিক সাংগঠনিক সম্পাদক হিমান বৰ্মন উপস্থিতত নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজৌতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কৰি কোনো কাৰণত যাতে অবৈধ বাংলাদেশীয়ে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰাৰ দাবী জনায়৷ ইয়াৰ লগতে উপায়ুক্তৰ নেতৃত্বত দায়বদ্ধ বিষয়াৰ গোট গঠন কৰি মাথো অহা চাৰিমাহত নাগৰিকপঞ্জী উন্নীতকৰণৰ কামত নিয়োগ কৰোৱাৰ দাবী জনায় আছুৱে৷