
নলবাৰীঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত আয়োজিত ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতা খন সোমবাৰে সামৰণি পৰে। প্ৰতিযোগিতা খনৰ সামৰণিৰ পাছত সোমবাৰেই প্ৰতিযোগিতাৰ ফলাফলসমূহ প্ৰদান কৰা হয়৷
নাট পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত হাজৰিকা, যুৱ ছাত্ৰ পৰিষদৰ জিলা উপদেষ্টা ব্ৰজেন চৌধুৰী, সভাপতি মৃণাল কুমাৰ বৰ্মন, সাধাৰণ সম্পাদক গৌতম কুমাৰ শৰ্মা আদি সংগঠনৰ বিষয়ববীয়া লকৰে আঁত ধৰা তথা জনপ্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন সহ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পুৰস্কাৰসমূহ প্ৰদান কৰা হয়৷
নিমখৰ সমান নাই নাই নাই নামৰ নাটখনৰ বাবে প্ৰথম পুৰস্কাৰ লাভ কৰে নলবাৰী পানীগাঁওৰ সমন্বয় নাট্য বিদ্যালয় (ক) দলে। ৰংমন হঁতৰ ৰঙৰ এদিন নাটখনৰ বাবে দ্বিতীয় পুৰস্কাৰ লাভ কৰে অনাথ বিকাশ কেন্দ্ৰ, নলবাৰীয়ে৷ আনহাতে সুৰীয়া সুৰৰ আবেলি নাটখনৰ বাবে তৃতীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় মূৰ্ছনা বিশ্বনাথ চাৰিআলিৰ নাট্যদলটোৱে। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দলৰ খিতাপ লাভ কৰে দীনবন্ধু নাট্যগোষ্ঠী চতিমাপাৰা, নলবাৰীয়ে (তোক বিয়া দিম নদীৰ গৰাত)।
শ্ৰেষ্ঠ অভিনেতা হিচাপে নিৰ্বাচিত হয় প্ৰিয়াংশু প্ৰতিম বৰুৱা (সূৰ্য মুখী নাট্যগোষ্ঠী, তিনচুকীয়া), শ্ৰেষ্ঠ অভিনেত্ৰী দীক্ষিত অলমান (ৰংগশালা অসম)। দ্বিতীয় শ্ৰেষ্ঠ অভিনেতা হৰসৎ কাশ্যপ (সমন্বয় নাট্য বিদ্যালয়), দ্বিতীয় শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰিয়াশ্ৰী হাজৰিকা (মূৰ্ছনা ,বিশ্বনাথ চাৰিআলি)। শ্ৰেষ্ঠ পাণ্ডুলিপি সন্মান লাভ কৰে মুকুল (ইদিপাছৰ যন্ত্ৰ), শ্ৰেষ্ঠ কলা নিৰ্দেশক প্ৰিয়াম আদিত্য, শ্ৰেষ্ঠ পৰিচালক শতদল বৈশ্য। শ্ৰেষ্ঠ সাজ সজ্জা নাজৰিণ চুলতানা। শ্ৰেষ্ঠ সংগীত পৰিচালক জিতু মণি কলিতা। শ্ৰেষ্ঠ পোহৰ নিৰ্দেশক অভিজিত ৰঞ্জন ভট্টাচাৰ্য। শ্ৰেষ্ঠ কৌতুক শিল্পী নিলোৎপল বৰ্মন (মা তুমি অনন্যা)।
তদুপৰি ‘ৰংমন হতৰ ৰঙৰ এদিন’ নাটকৰ শিল্পী দলিচা দাস আৰু ‘সুৰীয়া সুৰৰ আবেলি’ নাটৰ শান্ত দাসক উদ্গণিমূলক বটাঁ প্ৰদান কৰা হয়।
উল্লেখ্য যে যুৱ ছাত্ৰ পৰিষদে এই শিশু নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি একোজন সাংস্কৃতিক লোকক ভবেন বৰুৱা বটাঁ প্ৰদান কৰি আহিছে। এইবেলি এই বটাঁ অসমৰ বিশিষ্ট নাট্যকাৰ-পৰিচালক-অভিনেতা হেমন্ত দত্তক প্ৰদান কৰা হয়।