
নলবাৰীঃ মঙলবাৰৰপৰা প্ৰায় ১৫০ বছৰ পূৰ্বে ন-মাটি অঞ্চলৰ ৰাইজৰ মংগলাৰ্থে প্ৰাতঃ নমস্য ভক্ত প্ৰাণ লোকে শুভাৰাম্ভ কৰা শ্ৰী শ্ৰী জয়শ্যামৰায় গোঁসাইঘৰৰ ন-মাটিৰ বাৰ্ষিক সভা মহোৎসৱখন অহা ১৩, ১৪, ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত চাৰিদিনীয়া বৰ্ণাধ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে যো-জা কৰিছে৷
কাৰ্য্যসূচী অনুসৰি ১৩ ফেব্ৰুবাৰীৰ পুৱা ৯ বজাত সভা মহোৎসৱৰ দ্বাৰ উন্মোচন, ৯-১৫ বজাত নৱ নিৰ্মিত বাটচ'ৰা উদ্বোধন, ৯-৩০ বজাত ভাগৱত স্থাপন, ১০-৩০ বজাত গছপুলি ৰোপন, ১১ বজাত দ্বাৰ উন্মোচন, আবেলি ৩ বজাত বন্তি প্ৰজ্বলন, ৩-৩০ বজাত সভা মহোৎসৱ উদ্বোধনী, ৪-৩০ বজাত আতচবাজী প্ৰদৰ্শন, নিশা ৮ বজাত নাগাৰাৰ নাম প্ৰদৰ্শন কৰা হ’ব৷
আনহাতে, ১৪ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা ৭ বজাত প্ৰাত প্ৰসংগ, ৮-১৫ বজাত গোঁসাই ঘৰৰ পতকা উওোলন, ৯ বজাত ধৰ্মীয় শোভাযাত্ৰা, ১১ বজাত ভাগৱত পাঠ, দিনৰ ১ বজাত মহাভোগ বিতৰন, ২ বজাত নাগাৰাৰ নাম, সন্ধিয়া ৫ বজাত গামোচা নিলাম, ৭বজাত ঢুলীয়া প্ৰদৰ্শন কৰা হ’ব৷ পিছদিনা ১৫ ফেব্ৰুৱাৰীৰ পুৱা ৭ বজাত প্ৰাতঃ প্ৰসংগ, ৯ বজাত ভাগৱত পাঠ, ৯-৩০ বজাত শিশু কৃষ্ণ প্ৰতিযোগিতা, ১০ বজাৰ পৰা ১২ বজালৈ চিএাংকন, কুইজ, আবৃওি প্ৰতিযোগিতা, দিনৰ ২ বজাত জুনা নাম, সন্ধিয়া ৫ বজাত লোকগীত, নিশা ৮ বজাত নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব৷
চাৰিদিনীয়া অৰ্থাৎ শেষৰ ১৬ ফেব্ৰুৱাৰীৰ দিনা পুৱা ৭ বজাত প্ৰাতঃ প্ৰসংগ, ৯ বজাত ভাগৱত পাঠ, ১০ বজাত দিহানাম, দিনৰ ২ বজাত ধৰ্মালোচনী ও সম্বৰ্ধনা সভা অনুষ্ঠিত কৰা হ’ব৷ নিশা ৮ বজাত অসমৰ জনপ্ৰিয় কন্ঠ শিল্পী ৰাকেশ ৰিয়ান আৰু গিতালী কাকতিয়ে গীত পৰিৱেশন কৰি সমূহ ৰাইজক আমোদ দি সন্ধিয়াৰ গীতৰ অনুষ্ঠান পৰিৱেশন কৰিব।
ইতিমধ্যে জয়শ্যাম ৰায় গোঁষাইঘৰৰ বাৰ্ষিক সভা মহোৎসৱটি পৰিচালনা কৰাৰ বাৱে মাধৱ ৰাজবংশীক সভাপতি, অৰুণ দাসক উপ-সভাপতি, বীৰেন ৰাজবংশী আৰু বলেন ৰাজবংশীক যুটীয়া সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে। উক্ত সভা মহোৎসৱত সকলোৰে উপস্থিতি কামনা কৰিছে পৰিচালনা সমিতিয়ে৷