নলবাৰীঃ আজি নলবাৰী ছহিদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ‘ৰোগ নিৰাময়’ আঁচনি খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। উদ্বোধন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাই।

তদুপলক্ষে আয়োজিত অনুষ্ঠানত নলবাৰী জিলা অতিৰিক্ত উপায়ুক্ত উদায়িদিত্য গগৈ, যুটীয়া স্বাস্থ্য সঞ্চালক চিত্তৰঞ্জন পাঠক, অসামৰিক চিকিৎসালয় খনৰ অধীক্ষক অৰুণ চন্দ্ৰ মহন্ত, বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৰ্বাঞ্চলৰ নেতা ডা০ উমেশ চক্ৰৱৰ্তী সহ কেইবাজনো বিশিষ্ট লোক উপস্থিত থাকে।

সভাত ভাষণ ৰাখি বিধায়ক  অশোক কুমাৰ শৰ্মাই কয় যে সম্প্ৰতি ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু কৰ্মদক্ষ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাস্থ্য খণ্ডত  চৌদিশে উজলিছে। যত নেকি এনে সফলতা বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছ চৰকাৰৰ শাসন কালত পোৱা নাছিল ৰাইজে।

বিশেষকৈ স্বাস্থ্য মন্ত্ৰী ড০ শৰ্মাৰ তৎপৰতাত আজি গৰীৱ ৰাইজে বিভিন্ন আচঁনিৰ দ্বাৰা সাহায্য পাবলৈ সক্ষম হৈছে। আগন্তুক সময়তো স্বাস্থ্য খণ্ডত বিভিন্ন সুবিধা পাব ৰাইজে।

চৰকাৰ আৰু মন্ত্ৰী গৰাকীক সহযোগ কৰক বুলি দোহাৰি বিধায়ক শৰ্মাই পুনৰ কয় যে নলবৰীয়া ৰাইজৰ প্ৰতি স্বাস্থ্যমন্ত্ৰী গৰাকীৰ মৰম আৰু শ্ৰদ্ধা আছে বাবেই নলবাৰীক দিছে চিকিৎসা মহাবিদ্যালয়ৰ দৰে অনুষ্ঠান।