নলবাৰীঃ বন্ধুৰ গৃহ জিলাত এতিহ্যমণ্ডিত ৰাজ্যৰ ভিতৰতে এন্যতম ৰাসখন অনুষ্ঠিত হৈছে আৰু বন্ধুৱে এপাক নামাৰিলে ভাল কথা হ’ব জানো৷ বন্ধুৰ গৃহ জিলাত নিশাই ওলাল গৈ বন্ধু৷ গৃহ জিলাৰ ৰাস মহোৎসৱত উপস্থিত হৈ প্ৰত্যক্ষ কৰিলে নানান অনুষ্ঠান৷ হয়, নলবাৰীৰ সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ গৃহ জিলা নলবাৰীত মঙলবাৰে নিশা উপস্থিত হ’ল মন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ মন্ত্ৰী-বিধায়ক  দুয়ো লগ লাগি ৰাসৰ ইফাল সিফাল ঘুৰিলে৷

মুঠৰ ওপৰত বন্ধুক লগ পায় বন্ধু সুখী৷ নলবাৰীৰ হৰিমন্দিৰৰ ৮৪ তম ৰাস মহোৎসৱ উপলক্ষে দ্বিতীয় গ্ৰন্থ মেলাত মঙলবাৰে 'সংগীত-নৃট্যৰে এক অনুষ্ঠানৰে চতুৰ্থ দিনাৰ কাৰ্যসুচীৰ সামৰণি পৰে৷ মহোৎসৱৰ গ্ৰন্থ মেলা উপ-সমিতিৰ সদস্য দিগন্ত মিশ্ৰই আতঁ ধৰা অনুষ্ঠানত নলবাৰী নালণ্ডা পাব্লিক স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা সংগীত-নৃট্যৰে গ্ৰন্থ মেলাৰ বাকৰি জীপাল হয়৷ জিলাখনৰ তিলানা গাঁৱৰ বাসিন্দা আৰক্ষী কনিষ্ঠবল মাধৱ তামুলীয়ে গীত পৰিবেশন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়৷

নলবাৰীৰ ৰাস মহোৎসৱত ৰাজ্যৰ গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত হয় বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰি শেষত ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত সেৱা জনাই। ৰাস উদযাপন সমিতিয়ে মন্ত্ৰীগৰাকীক এখন ফুলাম গামোচা আৰু এটি জাঁপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি সাংবাদিকেৰে মত বিনিময়ত মন্ত্ৰী শুক্লাবৈদ্যই নলবাৰীৰ ৰাস মহোৎসৱৰ চৌদিশে সুন্দৰ পৰিবেশেৰে আগুৰি আছে বুলি কয়। আমি দেখি বহুত আনন্দবোধ কৰিছো।

এই মহোৎসৱৱে সমন্বয়ৰ বাৰ্তা দি আহিছে। মুঠতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাস লীলাই অতীতৰ পৰাই সমাজলৈ এক শুভ বাৰ্তা প্ৰেৰণ কৰি আহিছে। ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি গ্ৰন্থ মেলাৰ দৰে অনুষ্ঠানৰ আয়োজন কৰি বৌদ্ধিক আন্দোলনত জড়িত হোৱাও দেখা গৈছে। এয়া নৱপ্ৰজন্মক পৰামৰ্শ প্ৰদান কৰা ব্যৱস্থা বুলিও দোহাৰি মন্ত্ৰী গৰাকীয়ে ভগৱান শ্ৰীকৃষ্ণই সকলোৰে মংগল কামনা কৰে । ইয়াৰ পূৰ্বে মন্ত্ৰী শুক্লাবৈদ্যই ৰাস মহোৎসৱৰ গ্ৰন্থ মেলাও পৰিদৰ্শন কৰে আৰু কেইবাখনো গ্ৰন্থ ক্ৰয় কৰে। মন্ত্ৰী গৰাকীক পৰিদৰ্শন কালত নলবাৰী সমষ্টিৰ বিধায়ক তথা ৰাস উদযাপন সমিতিৰ সভাপতি অশোক কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক মনোজ কুমাৰ চৌধুৰী, পংকজ বৰ্মন, হৰিমন্দিৰ সমিতিৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা সহ বহু সংখ্যক লোক উপস্থিত থাকে।