নলবাৰী চহৰৰ উত্তৰ দিশৰ উদয়পুৰ পথ বিধ্বস্ত
বিপাশা দাস নেতৃত্বাধীন পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলত ৰাইজে যাতনা ভুঞ্জিব লগা হৈছে
নিৰ্মাণৰ দাবীত উপায়ুক্ত-পৌৰসভাক স্মাৰকপত্ৰ আছুৰ

নলবাৰীঃ ৰাজ্যৰ পৰিবৰ্তনকামী চৰকাৰে  উন্নয়ন আৰু বিকাশৰ কথা কৈ থকাৰ সময়তে  নলবাৰী ৰেলৱে ষ্টেচন আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ নলবাৰীৰ  উদয়পুৰৰ পথটোৰ তথৈবচ ৰূপে চৰকাৰৰ  উন্নয়নৰ নমুনা  উদঙাইছে বুলি ৰাইজে ক্ষোভ  উজাৰে ।  সম্প্ৰতি পথটো  আধাপকী- আধাকেচা হৈ থকাৰ বাবে পথচাৰীয়ে যমৰ যাতনা ভুগিব লগা  হৈছে। 
উল্লেখযোগ্য যে উক্ত পথচোৱাত এজাক বৰষুণ হলেই পথৰ গাত বোৰত পানী জমা হৈ পুখুৰী সদৃশ হৈ যায়। বিদ্যালয়ৰ ছাত্র-ছাত্ৰী সকলে অহা যোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। পথটোত ৰাতি হ’লে এন্ধাৰত অহা যোৱা কৰোতে যথেষ্ট অসুবিধাত পৰিব লগা হয় পথচাৰী সকল। পথটোত থকা ষ্ট্ৰীট-লাইটসমূহ বহুদিন ধৰি বিকল হৈ থকাত ৰাতি চলাচল কৰাত যথেষ্ট আহুকালৰ সৃষ্টি হয় ৰাইজৰ। উক্ত পথটোৰ দুয়োকাষে নলা নৰ্দমাৰ ব্যৱস্থা কৰাৰ লগতে পথটোত থকা ষ্ট্ৰীট-লাইট সমূহৰ লগতে পথটো পুনৰ নিৰ্মাণ অথবা মেৰামতি কৰি চলাচলত সুবিধা কৰাৰ দাবীত আজি উদয়পুৰ গাও উন্নয়ন সমিতিৰ সভাপতি যাদৱ শীল, সম্পাদক ভৱজিৎ বেজবৰুৱা, মধ্য নলবাৰী শাখা ছাত্র সন্থাৰ সম্পাদক পিনু বেজবৰুৱা আৰু উদয়পুৰ যুৱক সংঘৰ সম্পাদক ধীমান শৰ্মাই নলবাৰী জিলা উপায়ুক্ত আৰু নলবাৰী পৌৰসভালৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। ইফালে স্থানীয় ৰাইজে  অভিযোগ কৰা মতে বিপাশা দাস নেতৃত্বাধীন পৌৰসভাৰ অকৰ্মণ্যতাৰ ফলতো ৰাইজে যাতনা ভুঞ্জিব লগা হৈছে ।