নলবাৰীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ অন্তৰ্গত বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা পূব মাজদিয়া গাঁও নিবাসী ৰন্টু ডেকাৰ বৃহস্পতিবাৰে গুৱাহাটীস্থ হায়াত হস্পিতালত চিকিৎসাধীন অৱস্থাতে পৰলোক প্ৰাপ্তি ঘটে।

উল্লেখ্য যে মাত্ৰ পঞ্চাশ বছৰ বয়সতে মৃত্যু বৰণ কৰা শিক্ষক গৰাকীয়ে পত্নীসহ এগৰাকী কন্যা আৰু পুত্ৰ সন্তান ইহ সংসাৰত এৰি থৈ যায়।

অসম হাইস্কুল শিক্ষক সংস্থাৰ এগৰাকী সক্ৰিয় কৰ্মী ৰন্টু ডেকাৰ আকস্মিক বিয়োগে তেওঁৰ পৰিয়ালবৰ্গৰ উপৰি আত্মীয়, বন্ধুমহল তথা তেওঁৰ কৰ্মৰত শিক্ষানুষ্ঠানখনৰ সহকৰ্মী, ছাত্ৰ-ছাত্ৰীসকলক শোকাহত কৰি তোলে।

তেওঁৰ মৃত্যুত অসম হাইস্কুল শিক্ষক সংস্থাৰ নলবাৰী জিলা সমিতিৰ সভাপতি ৰবি ডেকা, সম্পাদক উমেশ চন্দ্ৰ দাস, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি, নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমেন চৌধুৰী, বৰাজোল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীবৃন্দ, বৰাজোল দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংগঠন তথা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে।