নামতিঃ বৰ কৰ্মী মৌ-মাখি৷ মৌ-মাখিয়ে ফুলৰ পৰা মৌ সংগ্ৰহ কৰে৷ ক'লা আৰু মুগা বৰণৰ মৌ মাখিয়ে ফুলৰ পৰাগৰেণু আৰু ৰস সংগ্ৰহ কৰি মৌজোল তৈয়াৰ কৰা। পোৱালী আৰু ৰাণী মৌ-মাখিৰ আলপৈচান ধৰাৰ উপৰিও বাহটোৰ সকলো যাবতীয় কাম কৰ্মী মৌ-মাখিয়ে কৰে।

কৰ্মী মৌ-মাখিয়ে খাদ্যৰ উৎস বিচাৰি বহু দুৰলৈকে ভ্ৰমণ কৰে আৰু ঘূৰি আহি বিশেষ প্ৰকাৰৰ নাচ সংগী মৌ-ৰ আগত প্ৰৰ্দশন কৰে। খাদ্যৰ উৎস ওচৰত হ'লে খৰকৈ গোল গোলকৈ ধ্বংসৰ লগে লগে প্রকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰাত সহায় কৰি অহা কিছুমান জীৱকূল এতিয়া হেৰাই যোৱাৰ উপক্রম ঘটিছে।

এনে সময়তে শিৱসাগৰ জিলাৰ অসম নগালেণ্ড সীমান্তৱর্তী টিফুক চাহ বাগিচাৰ নিজান পৰিৱেশত দুজোপাকৈ বহু পুৰণি জৰীগছত বৰ মৌ-মাখিয়ে বাঁহ সাঁজি গুণ গুণ গুঞ্জণত এতিয়া  মুখৰিত কৰি তুলিছে অঞ্চলটোৰ প্রাকৃতিক পৰিৱেশ।

চাহ বাগিচা খনৰ সেউজীয়া চাহ গছৰ সুন্দৰতাৰ মাজত এতিয়া দুয়োজোপা জৰী গছত লমা লমে উলমি আছে বৰ মৌ নামেৰে পৰিচিত এইবিধ মৌ-মাখি। গছ দুজোপাত বিগত চাৰিটা বছৰ ধৰি আশ্রয় গ্রহণ কৰি থকা তিনিশৰো অধিক মৌ-মাখিৰ বাঁহে এতিয়া আপ্লুত কৰিছে সকলোকে।

টিফুক চাহ বাগিচাৰ এক অনন্য মাত্রা প্রদান কৰা এই নান্দনিক দৃশ্য প্রত্যক্ষ কৰিবলৈ ইতিমধ্যে বহু দূৰ-দূৰণিৰ অগণন লোকে ভিৰ কৰিছেহি। এনে বিৰল দৃশ্য হয়তু অসমতো বিচাৰি পোৱা নাযাব। টিফুক চাহ বাগিচাৰ লগতে স্থানীয় লোক আৰু বহু কেইটা বহু কেইটা সংগঠনে এই মৌ-মাখি সুৰক্ষাৰ ক্ষত্রত দৃষ্টি দি আহিছে।

স্মতব্য যে, প্রকৃতি ধ্বংস সমান্তৰালকৈ এনে প্রজাতিয়ে বাঁহ সাজিবলৈ উপযুক্ত গছৰ অভাৱ হোৱা হেতুকে এতিয়া টিফুক চাহ বাগিচাৰ নিজান পৰিৱেশত দুজোপা বহু পুৰণি জৰীগছত বাঁহ সাঁজি মুখৰিত কৰি তুলিছে।

এতিয়া প্রকৃতি প্রেমী হিচাপে সকলো আগবাঢ়ি আহিব লাগে প্রত্যক্ষ কৰিবলৈ অথবা সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ। ইফালে, প্রকৃতিৰ বুকুৰ পৰা হেৰাই যাব ধৰা এনেবোৰ প্রজাতি সংৰক্ষণৰ বাবে নামতি প্রেছ গীল্ডে চৰকাৰক অনুৰোধ জনাইছে।