
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ ৰাজনীতিৰ উত্থান-পতনৰ সাক্ষী স্বৰূপ সমাজবাদী পাৰ্টিৰ নেতা নৰেশ আগৰৱালে সোমবাৰে গেৰুৱা দল বিজেপিত যোগদান কৰে৷ ইয়াৰ পূৰ্বেও নৰেশ আগৰৱালাই আন দলত যোগদান কৰিছিল যদিও পুনৰ এছপিলৈ উভতি আহিছিল৷
নৰেশ আগৰৱালাক এছপিৰ প্ৰভাৱশালী নেতা বুলি জনা যায়৷ যোৱা লোকসভা নিৰ্বাচনত দলৰ প্ৰাৰ্থীসকলে শোচনীয় ভাৱে পৰাজয় বৰণ কৰাৰ লগতে যোৱা বিধান সভা নিৰ্বাচনৰ পূৰ্বে সমাজবাদীৰ নেতা মুলায়াম সিং যাদৱ আৰু পুত্ৰ অখিলেশ সিং যাদৱৰ মাজৰ মতানৈক্যই দলৰ আভ্যন্তৰীন খাম-খেয়ালি স্পষ্ট হৈ পৰিছিল৷ যাৰ ফলত বিধান সভা নিৰ্বাচনত শোচনীয় পৰাজয় বৰণ কৰে সমাজবাদী পাৰ্টিয়ে৷
তাৰ পিছতেই দলটোৰ পৰা ওলাই গৈ আন দলত বিশেষকৈ বিজেপিত যোগদান কৰে বহু নেতাই৷ এইবাৰ ৰাজ্য সভাৰ বাবে টিকট লাভ নকৰাৰ বাবে ওলাই আহি জ্যেষ্ঠ নেতা নৰেশ আগৰৱালাই বিজেপিত যোগদান কৰে৷ সোমবাৰে সংবাদ মেল অনুষ্ঠিত কৰি মোৰ সৈতে চিনেমাত কাম কৰা লোকৰ সৈতে ৰিজাইছে বুলি কয় আগৰৱালাই৷ তেওঁৰ নামত মোৰ টিকট কটা হৈছে৷
মই এই কথা উচিত বুলি ভবা নাই৷ মোৰ কোনো চৰ্ত মানি নললে৷ কোনেও ৰাজ্য সভাৰ টিকট বিচৰা নাছিল৷ জানিব পৰা মতে, সমাজবাদী পাৰ্টিয়ে উত্তৰ প্ৰদেশৰ পৰা জয়া বচ্চনক ৰাজ্য সভাৰ টিকট প্ৰদান কৰে৷ যাৰ বাবে নৰেশ আগৰৱালাই ক্ষোভিত হৈ এছপি এৰে৷
উত্তৰ প্ৰদেশৰ হৰদয়ী বিধান সভা সমষ্টিৰ পৰা ৭ বাৰ বিধায়ক নিৰ্বাচীত হৈছিল নেতাগৰাকীয়ে৷ ৰাজ্য সভাত শাসকীয় পক্ষক ধৰাশয়ী কৰিছিল আগৰৱালাই৷ বিজেপিৰ সৈতে পুত্ৰ আৰু হৰদয়ী সমষ্টিৰ বিধায়ক নীতিন আগৰৱালাই বিজেপিত যোগদান কৰে৷
আনহাতে নৰেশ আগৰৱালাই জয়া বচ্চনক নাচনী বুলি কোৱাত নাৰাজ হৈ পৰে বিজেপি নেত্ৰী সুষমা স্বৰাজে৷ সুষমা স্বৰাজে বিজেপিত নৰেশ আগৰৱালাক বিজেপিত যোগদান কৰাৰ বাবে স্বাগতম জনাই যদিও জয়া বচ্চন সন্দৰ্ভত কৰা মন্তব্য সমৰ্থন যোগ্য নহয় বুলি কয়৷