
ডিজিটেল ডেস্ক |কাজিৰঙাঃ অহা ৩০ অক্টোবৰৰ পৰা তিনি দিনীয়া কাৰ্য্যসূচীৰে কাজিৰঙাৰ কহঁৰাস্থিত বৰগছ ৰিজৰ্টত "Good and Replicable Practices and Innovations in Public healthcare Systems for 2018" শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মিলন অনুষ্ঠিত হ’ব।
৩০ অক্টোবৰত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় কেন্দ্ৰীয় মন্ত্ৰী জে.পি নাড্ডাই সন্মিলনখনৰ শুভ উদ্বোধন কৰাৰ লগতে শুভ উদ্বোধন অনুষ্ঠানত অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মূখ্য অতিথি স্বৰূপে উপস্থিত থকাৰ উপৰিও অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি ও পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ লগতে আন কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।
সন্মিলনখনত ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সচিব, কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া, বিভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰসমূহৰ অতিৰিক্ত মুখ্য সচিব, প্ৰমুখ্য সচিব, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সঞ্চালকসকল তথা অন্যান্য উচ্চ পদস্ত বিষয়াসকল উপস্থিত থাকিব বুলি আজি সংবাদ মাধ্যমক জানিবলৈ দিয়ে বোকাখাত মহকুমাৰ তথ্য আৰু জনসংযোগ বিষয়া মামুণ বৰকটকীয়ে৷