গোলকগঞ্জঃ বাৰ্তাজীৱী সংঘৰ ধুবুৰী জিলা সমিতি আৰু মহকুমা সাংবাদিক সন্থাৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত ধুবুৰী আৰু গৌৰীপুৰ চহৰৰ ৮ জন বাতৰি কাকতৰ হকাৰক বিশেষ ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। ধুবুৰী জিলা সাহিত্য সভা ভৱনত অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি পাচু গোপাল চক্ৰৱৰ্তীৰ সভাপতিত্বত সভা অনুষ্ঠিত হয়।

সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ধুবুৰী শাখা সমিতিৰ সাধাৰণ সম্পাদিকা ছুলতানা ছেলিমা আহমেদ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকল সমাজৰ প্ৰহৰী বুলি কয়।

উল্লেখ্য যে ধুবুৰী জিলা বাৰ্তাজীৱী সংঘ আৰু ধুবুৰী মহকুমা সাংবাদিক সন্থাই ধুবুৰী আৰু গৌৰীপুৰৰ হকাৰৰ সমস্যা সমাধান কৰা হ'ব বুলি জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি আশীকুৰ ৰহমানে ঘোষণা কৰে। সভাখন আঁত ধৰে মহকুমা সাংবাদিক সন্থাৰ সভাপতি প্ৰনৱাশীষ ৰায়ে।

ধুবুৰী প্ৰেছ ক্লাবৰ সম্পাদক ছাজাহান আহমেদ জিলা বাৰ্তাজীৱী সংঘৰ সম্পাদক মৃন্ময়দেৱ আধিকাৰীৰ লগতে ধুবুৰী আৰু গৌৰীপুৰৰ বহু সাংবাদিক উপস্থিত থাকে।