কোকৰাঝাৰঃ সেনা, আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জালত পৰিল দুই ছংবিজিত পন্থী এনডিএফবিৰ দুই সদস্য৷ কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী এলেকাৰ ঝাৰবাৰী বনাঞ্চলত মঙলবাৰে পুৱতি নিশা প্ৰায় ৪.০০ বজাত কোকৰাঝাৰ আৰক্ষী, সেনাবাহিনীৰ তিনি নং ৰাজপুত ৰেজিমেণ্ট, এছএছবিৰ ৬৪নং বেটেলিয়ন আৰু ২১০নং কোব্ৰা বাহিনীয়ে যৌথ অভিযান চলাই দুগৰাকী দুধৰ্ষ এনডিএফবি(ছ)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। সেনা-আৰক্ষীৰ হাতত আটকাধীন উগ্ৰপন্থী সদস্য দুগৰাকীক কোকৰাঝাৰ সদৰ থানাৰ অন্তৰ্গত ৯নং দোলহাপাৰাৰ খীৰেন বসুমতাৰীৰ পুত্ৰ বীৰদাও বসুমতাৰী (২০) কেওতালপাৰাৰ হেমন্ত নাৰ্জাৰীৰ পুত্ৰ লোহিত নাৰ্জাৰী ওৰফে চাঞ্চুমা (২০) বুলি আৰক্ষীয়ে সদৰি কৰে। কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে, এক বিশেষ সূত্ৰৰ পম খেদি পুৱতি নিশা ঝাৰবাৰী বনাঞ্চলৰ ৭, ৮ আৰু ৯নং ৰাইটত অভিযান চলোৱা হয়। অভিযান কালত নিৰাপত্তাৰক্ষীয়ে ৮নং ৰাইটত থকা উগ্ৰপন্থীৰ এটা শিবিৰ উৎখাত কৰাৰ লগতে দুজন এনডিএফবি(ছ)ৰ সদস্যক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন সদস্য দুগৰাকীৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুটা ৭.৬৫ পিষ্টল, ৬ জাঁই সজীৱ গুলী, খুকুৰী, কেটেপা, মোবাইল ফোন, কম্বল আদি উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অভিযানৰ সময়ছোৱাত নিৰাপত্তাবাহিনীৰ হাতত আটক হোৱা এনডিএফবি সদস্য দুগৰাকী এনডিএফবি(ছ)ৰ বিত্ত সচিব দৈমালুৰ সৈতে সম্পৰ্ক বজাই ৰাখিছিল বুলি কয় আৰক্ষী অধীক্ষক ৰাজেন সিঙে।