কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ চৰাইবিল আৰক্ষী চকীৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ দলগাঁৱত বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত সন্দেহযুুক্ত এনডিএফবি(স)ৰ দলে যুৱ বিপিএফৰ কৰ্মী এগৰাকীক গুলীয়াই আহত কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

সন্দেহযুক্ত এনডিএফবিৰ গুলীচালনাত আহত হোৱা যুৱ বিপিএফৰ কৰ্মীগৰাকীক সীমান্ত অঞ্চলটোৰ ধুমবজাৰ গাঁৱৰ বাসিন্দা জেকব বসুমতাৰীৰ পুত্ৰ তথা যুৱ বি পি এফৰ মোথামবিল প্ৰাইমাৰী সমিতিৰ সদস্য ৰশ্না বসুমতাৰী(৩০) ওৰফে খাণ্ডা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, পুৱা ৰশ্না বসুমতাৰী মটৰ চাইকেলেৰে ধুম বজাৰলৈ গৈ থকা অৱস্থাত দলগাঁৱৰ সমীপৰ এটি বাঁহনীৰ মাজত পূৰ্বৰে পৰা খাপপিটি থকা সন্দেহযুক্ত এনডিএফবিৰ দলে বসুমতাৰীক লক্ষ্য কৰি নিৰ্বিচাৰ গুলীচালনা কৰে।

নিৰ্বিচাৰ গুলীচালনাৰ ফলত বসুমতাৰীৰ শৰীৰত চাৰিটা গুলীয়ে আঘাত কৰে। গুলীচালনাৰ পিছতে সন্দেহযুক্ত এনডিএফবিৰ দলটোৱে সেই সময়ত উক্ত পথৰে আহি থকা এখন যাত্ৰীবাহী উইংগাৰ গাড়ী ৰখাই সেই গাড়ীৰে দুৰ্বৃত্তৰ দলটো গভীৰ বনাঞ্চল অভিমুখে যোৱা বুলি স্থানীয় ৰাইজে সদৰি কৰিছে। ইপিনে গুলীবিদ্ধ ৰশ্না বসুমতাৰীক প্ৰথমে কোকৰাঝাৰস্থিত এমআৰএম নাৰ্ছিংহোমত ভৰ্তি কৰোৱা হয় যদিও অৱস্থা সংকটজনক হোৱাত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে।

ইপিনে ঘটনাৰ পিছতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙ, অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু সহিতে আৰক্ষীৰ এটি বিশাল দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী অধীক্ষক ৰাজেন সিঙে ঘটনাস্থলী পৰিদৰ্শন আৰু সামগ্ৰিক পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছতে দুৰ্ষ্কৃতিকাৰীক কৰায়ত্ব কৰিবলৈ অভিযানত নামি পৰে। বাতৰি লিখা পৰলৈকে সন্দেহযুক্ত এনডিএফবিৰ দলটোক কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। উক্ত ঘটনাত এনডিএফবি(স) জড়িত আছে বুলি দাবী কৰিছে কোকৰাঝাৰ আৰক্ষীয়ে।