
পাঠশালাঃ তাইৰ জন্মৰ কিছুদিন পিছতে তাইৰ মাতৃ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি লয়৷ মাতৃ অবিহনে সন্তানৰ কেনে বিপৰ্যয় হয় সেই কথা বহলাই কোৱাৰ প্ৰয়োজন নাই৷ মাতৃৰ মমতাৰ কথা বুজি নোপোৱাৰ সময়তে মাতৃৃয়ে পৃথিৱীৰ পৰা বিদায় ললে ভয়াবহ কৰ্কট ৰোগৰ বাবে৷
মাতৃৰ মৃত্যুৰ পিছত আইতাকে তালি-তুলি ডাঙৰ দীঘল কৰিব ধৰে তাইক৷ আইতাকৰ মৰম লাভ কৰি আন চাৰিটা শিশুৰ দৰে তেওঁ ওমলিছিল, দুষ্টামি কৰিছিল৷ কিন্তু বেছি দিন দুষ্টামি, খেলাধূলা কৰিব নোৱাৰিলে৷ এতিয়া আইতাকৰ কোলাত দিন পাৰ কৰিছে তেওঁ৷ দৰিদ্ৰ পৰিয়ালৰ ৫ বছৰীয়া কন্যাগৰাকীয়ে কৰ্কট ৰোগত আক্ৰান্ত হৈ এটি চকুৰে নেদেখা হোৱাৰ লগতে খেলা-ধূলা বাদ দি কেৱল আইতাকৰ কোলাত দিন পাৰ কৰিবলৈ বাধ্য হৈ পৰিছে।
বৰপেটা জিলাৰ পাঠশালাৰ পদ্মীনী দাস নামৰ মহিলাগৰাকীয়ে নাতিনী স্মীতা দাসক লৈ বিপাঙত পৰিছে৷ ভেটিৰ মাটি বিক্ৰী কৰি নাতিনীক চিকিৎসা কৰি এতিয়া আনৰ জুপুৰিত বাস কৰিব লগা হৈছে পদ্মীনী দাসে৷ পদ্মীনী দাসে newsnextone.comক কয় ‘ডাক্তৰে কৈছে তাই চকুৰে দেখা পাব৷ কিন্তু মোৰ টকা পইচা নাই৷ তিনি মাহৰ মূৰকত মই চেকাবত নিব লাগে৷ মোৰ দুখ বুজি যদি হিমন্ত বিশ্বই সহায় কৰিলে হৈ’৷ পাঠশালাৰ অসহায় মহিলাগৰাকীয়ে এতিয়া এনেদৰে হাহাকাৰ কৰিব লগা হৈছে নাতিনীৰ বাবে৷
কৰ্কট ৰোগত আক্ৰান্ত হৈ বোৱাৰীৰ মৃত্যুৰ হোৱাৰ পিছৰে নাতিনীক তালি-তুলি ডাঙৰ দীঘল কৰে মহিলাগৰাকীয়ে৷ ডাঙৰ দীঘল হৈ অহাৰ সময়তে নাতিনী আক্ৰান্ত হয় কৰ্কট ৰোগত৷ নাতিনীৰ চিকিসাৰ বাবে ঘৰৰ ভেটি বিক্ৰী কৰি নাতিনীৰ সৈতে জলসিঞ্চন বিভাগৰ এটি জহি-খহি যোৱা জুপুৰিত বাস কৰে মহিলাগৰাকীয়ে৷ খুজি-মাগি, আনৰ ঘৰত কাম কৰি চিকিৎসা কৰা পদ্মীনী দাস নামৰ মহিলাগৰাকীক লাগে আপোনাৰ সহায়৷
কৰ্কট ৰোগত আক্ৰান্ত ৫ বছৰীয়া নাতিনীৰ চকু কেইটা ভাল কৰি সুস্থ কৰিব তুলিব খোজে। পুত্ৰ দিন হাজিৰা কৰি পৰিয়াল চলাই যদিও ৫ বছৰীয়া কন্যাৰ দুয়োটা কৰ্কট ৰোগৰ চিকিৎসা কৰিবলৈ টকা নোহোৱাৰ বাবে তেনেকৈয়ে দিন পাৰ কৰিছে৷ ভঙা-ছিঙা জুপুৰিত জীৱন মৃত্যুৰ সৈতে যুজ দিছে অসহায় পৰিয়ালটোৱে।
চিকিৎসা কৰি নিজৰ মাটি-বাৰী বিক্ৰী কৰি এতিয়া পাঠশালা জলসিঞ্চন কাৰ্যালয়ৰ ভূমিত জুপুৰি এটাত বাস কৰে পৰিয়ালটোৱে৷ নিজৰ নহয় কন্যাৰ জীৱন ভিক্ষা কৰিছে স্বাস্থ্য মন্ত্ৰীক। নিজৰ নাতিনীৰ বাবে আনৰ ঘৰে ঘৰে কাম কৰি এতিয়া তেওঁলোকক এসাজ খুৱাইছে আইতাক পদ্মীনী দাসে। পৰিয়ালটোক লাগে আপোনাৰ সহায় ।
(আপুনি সহায় কৰিব পাৰে State Bank of India pathsala Branch. Account no: 31672028920, Phone no: 8486437884, Branch code: 2099, Ifsc code: SBIN0002099)