
কাকপথাৰঃ হাত এৰি চাইকেল চলাই অভিলেখ গঢ়াৰ দিশে অসম সন্তান ভূপেন লিকচন৷ ৫৩ বছৰীয়া ভূপেনে এই ৰেকৰ্ড গঢ়াৰ বাবে বহু বছৰ ধৰি অধ্যৱসায় চলাই গৈছিল৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ জাগুনৰ ভূপেন লিকচনে হেণ্ডেলত হাত নিদিয়াকৈ দেওবাৰে বৰষুণত তিতি-বুৰি বাইচাইকেল চলাই ৱৰ্ল্ড ৰেকৰ্ডছ অব গীনিজ বুকত নিজৰ নাম জিলিকাবলৈ চেষ্টা চলায়৷
আজি পুৱা ৬.১৫ বজাত অসম-অৰুণাচল সীমান্তৰ ডিৰাক গেটৰ পৰা চাইকেলেৰে যাত্ৰা আৰম্ভ কৰি ডুমডুমা চহৰলৈকে সম্পূৰ্ণ ১ ঘন্টাৰ মূৰকত অৰ্থাৎ ৭.১৫ বজাত উপস্থিত হয়৷ ৩৭ কিঃ মিঃ পথ চাইকেলত হাত নিদিয়াকৈ ১ ঘন্টাত অতিক্ৰম কৰি বিশ্ব অভিলেখ কৰাৰ প্ৰয়াস চলায় লিকচনে।
লিকচনে ইয়াৰ পূৰ্বে ১ ঘন্টাত ৩৬ কিঃ মিঃ পথ চাইকেল চলাই লিমকা বুক অফ ৰেকৰ্ডছ আৰু এচিয়া বুক অফ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰে। অতি দুখৰ বিষয় যে দেওবাৰৰ উক্ত যাত্ৰা কালত লিকচনৰ সুবিধাৰ কাৰণে পুৱাৰ সময়ত ১৪৪ ধাৰা জাৰি কৰাৰ কথা আছিল৷ স্থানীয় প্ৰশাসনে লিকচনক আশ্বাস দিয়াৰ লগতে লিকচনৰ অনুমোদন পত্ৰতো ১৪৪ ধাৰা জাৰি কৰাৰ বিষয়টো উল্লেখ আছিল৷
কিন্তু সময়ত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। ডিৰাক গেটৰ পৰা ডুমডুমা চহৰলৈকে পথত থকা গতিৰোধক সমূহো উঠাই দিয়াৰ কথা আছিল যদিও অসম সন্তানগৰাকীৰ বাবে প্ৰশাসনে গতিৰোধকসমূহো উঠাই নিদিলে।
লিকচনে প্ৰশাসনৰ পৰা কোনো ধৰণৰ সুবিধা নোপোৱা বুলি ক্ষোভ ব্যক্ত কৰি প্ৰশাসনে সহায় কৰিলে আৰু ১ কিঃ মিঃ পথ বেছিকৈ চাইকেল চলাব পাৰিলেহেতেন বুলি আক্ষেপ কৰে৷ স্থানীয় ৰাইজ তথা সদৌ মৰাণ ছাত্ৰ সন্থা, কাকপথাৰ আঞ্চলিক সাংবাদিক সন্থাই তেওঁক সহায় কৰা বুলি কয়৷ লিকচনৰ যাত্ৰা কালত গীনিজ বুকৰ ভাৰতীয় কাৰ্যালয়স্থিত কৰ্তৃপক্ষ উপস্থিত থাকি নিৰীক্ষণ কৰে যদিও এতিয়ালৈ স্থান সম্পৰ্কে ঘোষণা কৰা নাই৷