• নেহা শৰ্মাৰ ভুৱা জন্মৰ প্ৰমাণপত্ৰ ঘটনাৰ নতুন মোৰ
  • যুটীয়া স্বাস্থ্য সঞ্চালকে দাখিল কৰিব নোৱাৰিলে তদন্তৰ প্ৰতিবেদন
  • স্বাস্থ্য বিভাগৰ ভয়ংকৰ জালিয়াতি পোহৰলৈ অহাৰ সন্দেহ

ওদালগুৰি,৮ ডিচেম্বৰঃ  বিগত ২২ নৱেম্বৰত  ইজৰাইলত এগৰাকী মহিলাৰ মৃত্যু হোৱা বাতৰিয়ে তোলপাৰ লগাইছে ওদালগুৰি। প্ৰথমাৱস্থাত মহিলাগৰাকীৰ সৈতে লাভ কৰা পাৰপত্ৰ তথা নথিপত্ৰৰ দ্বাৰা মহিলাগৰাকী অসমৰ ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মেৰাবিল গাওঁৰ বুলি বাতৰি লাভ কৰা হৈছিল। সেই বাতৰিৰ ভিত্তিতে মাজবাট আৰক্ষী তথা সাংবাদিকৰ এটা দলে মেৰাবিলৰ উক্ত গাওঁখনলৈ গৈ পৰিয়ালটো সন্দৰ্ভত তথ্য উদ্ধাৰৰ চেষ্টা চলাইছিল। কিন্তু পৰিয়ালটো সন্দৰ্ভত গাওঁবুঢ়া কিম্বা আৰক্ষীৰ হাততো নাই কোনো তথ্য। গাওঁৰ ৰাইজে গাওঁখনত তেনে নামৰ কোনো পৰিয়াল গাওঁখনত নথকাৰ কথা উল্লেখ কৰে। 

আনহাতে মাজবাট ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰ‌ই প্ৰদান কৰা প্ৰমান পত্ৰ সন্দৰ্ভত আনকি স্বাস্থ্য কেন্দ্ৰখনতো বৰ্তমান নাই কোনো তথ্য। চিকিৎসালয় কৰ্তৃপক্ষ‌ই সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে কমলেন্দ্ৰ শৰ্মা নামৰ বিষয়া এজনেহে উক্ত প্ৰমানপত্ৰখন প্ৰদানৰ সময়ত দায়িত্বত আছিল। যিজন বিষয়া ইতিমধ্যে অন্য জিলাত কৰ্মৰত অৱস্থাত আছে। সাংবাদিক আৰু আৰক্ষীৰ দলটোৱে লাভ কৰা নেহাৰ জন্ম প্ৰমাণপত্ৰ অনুসৰি মহিলাগৰকীয়ে ১৯৮০ চনৰ ১৬ জুলাই তাৰিখে জন্ম লাভ কৰিছিল। ১৭৫১/১৩ ৰেজিষ্ট্ৰেছন নম্বৰ থকা প্ৰমাণপত্ৰখনত মহিলাগৰাকীৰ পিতৃৰ নাম পুস্কৰৰাজ শৰ্মা আৰু মাতৃৰ নাম তীৰ্থা শৰ্মা বুলি স্পষ্টভাৱে উল্লেখ আছে। 

এই প্ৰমাণপত্ৰখন ২০১৩ চনৰ ২৮ ডিচেম্বৰত প্ৰদান কৰা আৰু এইখন প্ৰমানপত্ৰৰ সহায়তেই নেহাই ইজৰাইললৈ যাৱলৈ পাৰপত্ৰ উলিয়াবলৈ সক্ষম হৈছিল। পিছে এইখন প্ৰমানপত্ৰ সন্দৰ্ভত জিলা প্ৰশাসনিক শাখাৰ সৈতে সাংবাদিকে পূৰ্ৱে যোগাযোগ কৰাত পোহৰলৈ আহে ভয়ংকৰ ঘটনা। কিয়নো উক্ত প্ৰমাণপত্ৰখনৰ কোনো ধৰণৰ তথ্য নাই জিলা প্ৰশাসনৰ হাতত। ইয়াৰ মাজতে ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাসে উক্ত ঘটনাটোৰ তদন্তৰ দ্বায়িত্ব অৰ্পন কৰিছিল জিলা যুটীয়া স্বাস্থ্য সঞ্চালক তৈয়বুৰ ৰহমানক। সেই অনুসৰি ৰহমানে বিগত ৩ ডিচেম্বৰ সোমবাৰে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল বুলি প্ৰশাসনৰ এক সূত্ৰ‌ই সাংবাদিকক জানিবলৈ দিছিল। কিন্তু ইয়াৰ পাছত প্ৰতিৱেদন দাখিলৰ সময়সীমা চাৰিদিন উকলি যোৱাৰ পাছতো স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকজনে প্ৰতিৱেদন দাখিল কৰিব নোৱাৰাৰ কথা প্ৰশাসনৰ এক সূত্ৰ‌ই সাংবাদিকৰ আগত প্ৰকাশ কৰে। অৱশেষত জিলা উপায়ুক্তগৰাকীয়ে এইক্ষেত্ৰত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰা হোৱা বুলি জানিব পৰা গৈছে যদিও এই সন্দৰ্ভত প্ৰশাসনে কোনো তথ্য সাংবাদিকক প্ৰকাশ কৰাৰ পৰা বিৰত আছে। 

এতিয়া প্ৰশ্ন হয় কিহৰ বাবে  স্বাস্থ্য বিভাগৰ এগৰাকী যুটীয়া সঞ্চালকে নিজৰ বিভাগৰ এটা বিষয়ৰ তদন্ত কৰি প্ৰতিৱেদন দাখিল কৰাত ব্যৰ্থ হৈছে তাক লৈ সৃষ্টি হৈছে গভীৰ ৰহস্যৰ। নে কেচুঁ খান্দোতে সাপ ওলোৱাৰ ভয়ত দাখিল নকৰিলে প্ৰতিৱেদন? দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ প্ৰতিৱেদনৰ পাছতহে প্ৰকৃততে নেহা শৰ্মাৰ জন্মৰ প্ৰমানপত্ৰত সত্যসত্যতা নিৰূপন কৰিব। এতিয়া প্ৰশ্ন হয়, ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটোৰ পৰা আৰু এনেধৰণে জালিয়াতিৰে প্ৰমান পত্ৰ প্ৰদান কৰা হৈছে নেকি? এয়া পৰৱৰ্তী সময়ত উচিত তদন্তৰ দ্বাৰা পোহৰলৈ আহিব।

অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি