চৰাইদেউঃ সুৰৰ মায়াৰে পুনৰ জীপাল হৈ পৰিল গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ সেউজ নগৰী সোণাৰি। সোণাৰিৰ উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ ৰুস্তম শইকীয়াৰ "স্নিগ্ধ জোনাক" শীৰ্ষক এলবামৰ মুক্তিৰ লগে লগেই যেন প্ৰাণ পালে সুৰৰ নগৰী সোণাৰীয়ে। উল্লেখ্য যে, সোণাৰিৰ সমলয় গোষ্ঠীৰ কাৰ্যালয় পাৰ্বতিপ্ৰসাদ বৰুৱা ভৱনত উদীয়মান শিল্পীগৰাকীৰ "স্নিগ্ধ জোনাক" নামৰ এটি অডিঅ এলবাম উন্মোচন কৰা হয়।

বিশিষ্ট সংগীত শিল্পী দেৱজ্যোতি গগৈ, সাংস্কৃতিক কৰ্মী মণি গগৈ, সমাজকৰ্মী পবিত্ৰ শইকীয়াই উন্মোচন কৰা এলবামটোৰ গীতৰ কথা সিদ্ধাৰ্থ আৰু অনুপ তামুলীৰ, দীৰ্ঘজ্যোতি দত্তৰ সংগীত পৰিচালনা, সিদ্ধাৰ্থৰ সুৰ আৰু কণ্ঠত গড়গাঁৱৰ আৰ কে ডিজিটেলত বাণীবদ্ধন কৰা এলবামটোৰ "আহিবানে তুমি কোমলকৈ টোপনিত" শীৰ্ষক গীতটোৰ জৰিয়তে শ্ৰোতাসকলে সংগীতৰ এক নতুন সোৱাদ আশা কৰিব পাৰিব।

উদীয়মান কবি তথা যুৱ সাংবাদিক অভিজিত ভূঞাই আঁত ধৰা উন্মোচনী অনুষ্ঠানত সোণাৰি প্ৰেছ ক্লাবৰ সভাপতি মৃত্যুঞ্জয় দাস, সহকাৰী সম্পাদকদ্বয় ৰফিক আহমেদ, হানচেং কোৱঁৰ, সাংস্কৃতিককৰ্মী ভাস্কৰ কোঁৱৰ, সাংবাদিক আব্দুল জব্বৰৰ লগতে যথেষ্টসংখ্যক সংগীতপ্ৰেমী উপস্থিত থাকে।