24
Dec
2017

মোৰাঝাৰঃ দেওবাৰে হোজাই জিলাৰ নীলবাগান শাখা সাহিত্য সভাৰ এখন সভা অনুষ্ঠিত হয়৷
সভাৰ অস্থায়ী কাৰ্যালয়ত ৰসিদ আহমেদ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ৰসিদ আহমেদ চৌধুৰীক সভাপতি আইনুল হক চৌধুৰীক সম্পাদক, ফখৰ উদ্দিনক উপ-সভাপতি, মস্তাফা আল আমিনক সহ সম্পাদক, কফিল উদ্দিন পএিকা সম্পাদক, ফৰিজ উদ্দিনক কোষাধ্যক্ষ সামিম আহমেদ, ৰায়হান আহমেদ চৌধুৰী, ছাদিকুজ জামান, বাচিত আলম চৌধুৰী, শ্বাকিৰ আহমেদ বৰভূঞা, দিলৱাৰ হুচেইন, বিলাল উদ্দিন,চালে আহমেদ, মামুন আহমেদক কাৰ্যনিৰ্বাহক সদস্য হিচাপেলৈ ১৫ জনীয়া সমিতি গঠন কৰা হয়।
ৰফিক উদ্দিন আৰু আবু বক্কৰ চিদ্দিকক উপদেষ্টা হিচাপে লৈ আগন্তুক কাৰ্যকাল চলাই নিয়াৰ সংকল্প লোৱা হয়। নতুন সমিতি খনে অহা ২৭ ডিচেম্বৰত অসম সাহিত্য সভাৰ শতবৰ্ষৰ সামৰণি অনুষ্ঠান নীলবাগান মছদ্দৰ আলি বিদ্যাপীঠত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷