23
Oct
2017

বিহালীঃ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিক সমিতিৰ ৰতোৱাৰ মাহালিত এখন সভা অনুষ্ঠিত হয়৷ দেওবাৰে অনুষ্ঠিত সভাত ৰতোৱা মাহালীবস্তী গোট গঠন কৰা হয়৷
দিনৰ প্ৰায় ১ বজাৰ অচিত কৰ্মকাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত কৃষ্ণ মাহালিক সভাপতি, তৰুন তেলীক উপ-সভাপতি, বাবলু তেলীক সম্পাদক হিচাপে লৈ ৩১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়৷ সভাত সংগঠনটোৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিৎ কূৰ্মী, বিহালী আঞ্চলিক সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ তাঁতি উপস্থিত থাকে৷