নাৰায়ণপুৰঃ এখন চাইকেল। চাৰ্কাচত দেখা এটা চকাৰ চাইকেল নহয়। চকা দুটাই, কিন্তু নাই চেইন। বিজ্ঞান আৰু প্ৰযুক্তিৰ ন ন আবিস্কাৰৰ মাজতে এখন চেইনবিহীন চাইকেল আবিস্কাৰ কৰি সকলোকে আশ্চাৰ্যম্বিত কৰিলে এজন বিজ্ঞানৰ ছাত্ৰই। এইখন অসমৰে নাৰায়ণপুৰ মাধৱপুৰৰ অম্লানজ্যোতি ভূঞা এই অবিস্কাৰৰ দাবীদাৰ৷

তেওঁৰ এই অবিস্কাৰে নাৰায়ণপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলা তথা ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। নাৰায়ণপুৰ মাধৱপুৰৰ পদ্ম ভূঞা আৰু ভানুমাই ভূঞা ফুকনৰ কনিষ্ঠ পুত্র অম্লানজ্যোতিৰ ভূঞা মাধৱদেৱ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ তৃতীয় ষণ্মাষিকৰ ছাত্র।

এই চেইন বিহীন চাইকেলখনৰ পিছ চকাত ফিবুলৰ লগত পেডেল সংযোগ ঘটাই, ফ্ৰেমটো সৰু কৰি ঠাইতে ঘূৰাব পৰাকৈ নিৰ্মান কৰা হৈছে। কঁকাল বিষ থকা লোক আৰু সৰু লৰা-ছোৱালীৰ বাবেও চাইকেলখন উপযোগী হ'ব বুলি অম্লানজ্যোতিয়ে আশা প্ৰকাশ কৰিছে।

ইতিমধ্যে চাইকেলখনৰ আবিস্কাৰৰ বিষয়ে ছচিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে সকলোৱা অম্লানৰ এই আবিস্কাৰক প্ৰশংসাৰে উপচাই পেলাইছে৷