ডিব্ৰুগড়ঃ যোৰহাট আৰু ডিব্ৰুগড়ৰ পৰা অচিৰে প্ৰকাশ পাব ‘প্ৰয়াস’ নামৰ এখন তিনিমহীয়া সাহিত্য আলোচনী।

আলোচনীখনত নবীন, প্ৰবীণ তথা উদীয়মান লেখকৰ কবিতা, গল্প, প্ৰবন্ধ, সমালোচনামূলক লিখনি, লিমাৰিক, সাক্ষাৎকাৰ, উচ্চতৰ মাধ্যমিক-স্নাতক-স্নাতকোত্তৰ মহলাৰ বিষয় সূচীত অন্তৰ্ভক্ত আলোচনামূলক লিখনি, ভ্ৰমণ কাহিনী, উপন্যাস, ধাৰাবাহিক লেখা প্ৰকাশ পাব বুলি জানিব পৰা গৈছে।

লিখনিৰ সৈতে ‍১০০ টকা সদস্য বৰঙণিসহ লিখনি পঠাবলৈ 'প্ৰয়াস' পৰিয়ালে আহ্বান জনাইছে। লেখাসমূহ আগষ্টৰ প্ৰথম সপ্তাহৰ ভিতৰত 'প্ৰয়াস'লৈ প্ৰেৰণ কৰাৰ লগতে লিখনিৰ প্ৰতিলিপি লেখকৰ সৈতে ৰাখিবলৈ আহ্বান জনাইছে প্ৰয়াস পৰিয়ালে৷

ডাক নতুবা ই-মেইল যোগে লিখনিসমূহ প্ৰেৰণ কৰিব পাৰিব। প্ৰকাশৰ ক্ষেত্ৰত লিখনিৰ মানদণ্ডৰ ওপৰত নিৰ্ভৰ কৰি প্ৰকাশ কৰা হ'ব। প্ৰতিটো সংখ্যাত একোটাকৈ গল্প, প্ৰবন্ধ, কবিতা, আৰু অন্যান্য শিতানৰ পৰা শ্ৰেষ্ঠৰূপে নিৰ্বাচন কৰা হ'ব।

গুণগত মানদণ্ডৰ লিখনি "প্ৰয়াস", গাঁওঃ গোপী দাস দেৱানবাৰী, জিলা-ডিব্ৰুগড়(অসম) ডাক-লালমাটি, পিন-৭৮৬০০৭, ৮৭২৪৮৩৬৭৯৪ dasgopi385@gmail.com, prayash678@gmail.com ঠিকনাত প্ৰেৰণ কৰিবলৈ 'প্ৰয়াস' পৰিয়ালে আহ্বান জনাইছে।