শুক্লাইঃ ‘‘বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচি বাসীক সদায় সম দৃষ্টিৰে চাই আহিছে আৰু উন্নয়নত গুৰুত্ব দিছে। বৰ্তমান হাগ্ৰামা মহিলাৰীৰ যি আদৰ্শ বিটিচি গঢ়াৰ সপোন তাক বাস্তৱ ৰূপ দিবলৈ সকলোয়ে আগবঢ়ি অহা উচিত। বিটিচিত যি কোনো জনগোষ্ঠীয়ে কংগ্ৰেছ, চিপি আই এম, অগপ, বিজেপি নকৰক কিয় সকলোকে সমান সুবিধা দিয়া হ'ব।’’- এই মন্তব্য ভেৰগাঁও সমষ্টিৰ এমচিএলএ তথা বিটিচিৰ উপাধ্যক্ষ নেৰশন বড়োৰ।

ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত অসম-ভূটান সীমান্তৰ শুক্লাই ভিচিডিৰ এম জি এনৰেগাৰ অধীনৰ ১২টা আঁচনিৰ শুভ উদ্ধোধন কৰি বিটিচি উপাধ্যক্ষই আজি এই মন্তব্য আগবঢ়ায়।

বিটিচি উপাধ্যক্ষ নেৰশন বড়োয়ে শুক্লাই ভিচিডিচিৰ অন্তৰ্গত শুক্লাইখুটি প্ৰাথমিক বিদ্যালয়ত এম জি এনৰেগা আঁচনিৰ যোগেদি মাটি ভৰোৱা আৰু বৃক্ষৰোপন আঁচনিৰ পাঁচ লাখ টকা, ৰজাগড় মিনি ষ্টেডিয়ামত এনৰেগা আঁচনিৰ পাঁচ লাখ টকা, ধৰমজুলি প্ৰাথমিক বিদ্যালয়ত মাটি ভৰোৱা বাবে এনৰেগা আঁচনিৰ পাঁচ লাখ টকা, গোপী আচাৰ্য্যৰ গৃহৰ পৰা ৰজাগড় সংযোগী পথ চি চি ব্লক ১০ লাখ টকা আঁচনিৰ শুভ উদ্ধোধন কৰে।

আজিৰ এই কাৰ্যসূচীত ভেৰগাঁও ব্লক বিপিএফৰ সাধাৰণ সম্পাদক অজয় সিং গোঁড়, মহিলা মৰ্চাৰ নেতৃ জুলি শৰণীয়া, তুলসা প্ৰধান, ভেৰগাঁও ব্লকৰ কনিষ্ঠ অভিযন্তা চোহেন্দ্ৰ মুছাহাৰী, শুক্লাই ভিচিডিচি অধ্যক্ষ নৰেশ্বৰ পৌড়েল, বড়োলেণ্ড ছাত্ৰ সন্থাৰ নেতা কমল মৈনালী, লিলা গিৰীৰ লগতে কেইবা শতাধিক লোক উপস্থিত থাকে।