বঢ়মপুৰঃ বিদ্ৰোহী সংগঠন আলফা স্বাধীনৰ সভাপতি অভিজিৎ অসমৰ বাসভৱনত বুধবাৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থা 'নিয়া'ৰ এটা দল উপস্থিত হয়৷

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদাম কাষৰিগাওঁস্থিত আলফাৰ সভাপতি মুকুল হাজৰিকা ওৰফে অভিজিত অসমৰ বাসগৃহত আজি বিয়লিৰ ভাগত উপস্থিত হয় 'নিয়া'ৰ দলটো৷

আলফাৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই অভিজিত অসমেই যে মুকুল হাজৰিকা সেইটো নিশ্চিত হোৱাৰ পিছতে বিভিন্ন সময়ত অভিজিত অসম সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই৷

পুৰণিগুদাম কাষৰিগাৱঁত পূৰ্বতে বসবাস কৰি লণ্ডনত থাকি চিকিৎসা সেৱা কৰা ডাঃ মুকুল হাজৰিকাৰ বাসভৱনত বৰ্তমান পৰিয়ালৰ কোনো সদস্য নাথাকে যদিও এটি ভাৰাতীয়া পৰিয়ালে হে বসবাস কৰি আহিছে৷

আজি বিয়লিৰ ভাগত ৰঙা ৰঙৰ এখন বলেৰ গাড়ীত অহা 'নিয়া'ৰ দলটোৱে অভিজিত অসমৰ ঘৰত কোনো নথকাৰ বাবে গাড়ীৰ পৰা অভিজিত অসমৰ বাসগৃহৰ ফটো লৈ নগাঁৱৰ দিশে ৰাওনা হয়৷

'নিয়া'ৰ দলটোৱে অভিজিত অসমৰ পুৰণিগুদাম কাষৰিগাঁৱস্থিত বাসগৃহত উপস্থিত হোৱাৰ পূৰ্বে কলিয়াবৰস্থিত অভিজিত অসমৰ আত্মীয়ৰ ঘৰত আৰু চামগুৰি আৰক্ষী থানাত উপস্থিত হয় বুলি জানিব পৰা গৈছে৷