15
Aug
2017

বাহকাবাৰীঃ নগাঁও জিলাৰ এখন বিদ্যালয়ত পুৱাৰে পৰা ওলমি থাকিল তলা। জিলা খনৰ কামপুৰৰ এখন বিদ্যালয় ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰাত ৰাইজ ক্ষোভিত হৈ পৰে।
ৰাজ্যখন বানৰ কবলত পৰাৰ পাছতো চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে উলহ-মালহেৰে ৭১ সংখ্যাক স্বাধীনতা দিৱস পালন কৰাৰ সময়তে বিদ্যালয়খনত নুৰিল ৰাষ্ট্রীয় পতাকা। আনকি বিদ্যালয়ৰ দুৱাৰত ওলমি থাকিল তলা।
উপস্থিত নাথাকিল শিক্ষক-কৰ্মচাৰী। পতাকা উত্তোলন নোহোৱা এই বিদ্যালয়খন হৈছে কামপুৰ ৰঙাগড়া ৰাংচিনা মধ্য ইংৰাজী বালিকা বিদ্যালয়। স্থানীয় ৰাইজে দেশৰ ৭১ সংখ্যক স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰাত তীব্র প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।