কোকৰাঝাৰঃ বড়ো সাহিত্যৰ বিশিষ্ট সাহিত্যিক চিত্তৰঞ্জন মুছাহাৰীয়ে সকলোকে কন্দুৱাই চিৰদিনৰ বাবে আঁতৰি গ’ল অচিন দেশলৈ৷ মঙলবাৰে নিশা কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰীৰ বেলগুৰীৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত ৰোগত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে। বড়ো সাহিত্য জগতৰ উপন্যাস সম্ৰাট খ্যাত মুছাহাৰীয়ে মৃত্যুৰ সময়ত বয়স হৈছিল ৭৩ বছৰ।

বড়ো সাহিত্যৰ উপন্যাস সম্ৰাট চিত্তৰঞ্জন বসুমতাৰীয়ে দীৰ্ঘদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ বিচনাৰ সংগী হৈ আছিল৷

মুছাহাৰীৰ মৃত্যুৰ বাতৰি ৰাষ্ট্ৰ হোৱাৰ লগে লগে অজস্ৰ গুণমুগ্ধৰে তেওঁৰ বাসগৃহত ভৰি পৰে। বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্ম, প্ৰাক্তন সাংসদ উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ নিৰ্বাচিত সদস্য জ্যোতিৰেন্দ্ৰ ব্ৰহ্ম, বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বানেশ্বৰ বসুমতাৰীকে ধৰি এবছু, বিপিএফ, বড়ো সাহিত্য সভা, আত্মসমৰ্পনকাৰী এনডিএফবি কল্যান পৰিষদ, ইউপিপিএলৰ নেতা-কৰ্মীকে ধৰি বহুসংখ্যক গুণমুগ্ধই চিত্তৰঞ্জন মুছাহাৰীৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি অন্তিম শ্ৰদ্ধা নিৱেদন কৰে।

৬০ খনতকৈ অধিক বড়ো উপন্যাস ৰচনা কৰা চিত্তৰঞ্জন মুছাহাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি মুছাহাৰীৰ মৃত্যু বড়ো সাহিত্য জগতৰ বাবে এক অপূৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে। তেওঁ গুচি গলেও তেওঁৰ কৰ্মৰাজীয়ে প্ৰতিগৰাকী বড়ো লোকৰ অন্তৰত সদায় থাকিব বুলি কয় তৰেন বড়োৱে ৰসিক, অল্পভাষী বড়ো সাহিত্য জগতৰ বাবে আশীৰ্বাদ হৈ থাকিব বুলি কয়৷ চিত্তৰঞ্জন মুছাহাৰীৰ মৃত্যুত ট্ৰাইবেল সংঘ, এবছু, আবৌফ আদিকে ধৰি বহু দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰে পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।

তদুপৰি বড়ো সাহিত্যৰ উপন্যাস সম্ৰাট চিত্তৰঞ্জন মুছাহাৰীৰ মৃত্যুত বিটিচি প্ৰশাসনে শোক প্ৰকাশ কৰি অৰ্ধ ছুটি ঘোষণা কৰে। উল্লেখ্য যে চিত্তৰঞ্জন মুছাহাৰীৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনত ৰামফলবিল, ছেৰফাংগুৰী, দোতমা, বনৰগাঁও হৈ কোকৰাঝাৰ সদৰ চহৰেৰে বিটিচি সচিবালয়লৈ নি অন্তিম শ্ৰদ্ধা নিৱেদন কৰাৰ অন্তত নিজ গাঁও বেলগুৰীত অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ পূৰ্বে চিত্তৰঞ্জন মুছাহাৰীয়ে পত্নী, তিনি কন্যা আৰু তিনি পুত্ৰ সন্তানৰ লগতে অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়।