
ডিফুঃ কাৰ্বি আংলং মটৰ পৰিবহন শ্ৰমিক আৰু চালক সন্থাৰ প্ৰাক্তন কোষাধ্যক্ষ, কাৰেং ট্ৰেভেলচৰ প্ৰতিষ্ঠাপক চালক পূৰ্ণ বাহাদুৰ তামাঙৰ শনিবাৰে নিশা প্ৰায় ১২-৩০ বজাত ডিফৱৰ ৰংখেলান স্থিত নিজা বাসভৱনত মৃত্যুক কোৱালি লয়৷ দীৰ্ঘ দিন ধৰি ৰোগত আক্ৰান্ত হৈ অৱশেষত পূৰ্ণ বাহাদুৰ তামাঙে শেষ নিশ্বাস ত্যাগ কৰে৷ জিলাখনৰ প্ৰখ্যাত কাৰেং ট্ৰেভেলছৰ প্ৰতিষ্ঠাপক চালক ৰূপে গৌৰৱ অৰ্জন কৰা পূৰ্ণ বাহাদুৰ তামাঙে কাৰ্বি আংলং মটৰ পৰিবহন আৰু চালক সন্থাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰাৰ লগতে সন্থাৰ এগৰাকী সক্ৰিয় কাৰ্যবাহী সদস্য আৰু কোষাধ্যক্ষ পদত অধিষ্ঠিত আছিল৷
বিগত ২ বছৰ ধৰি তামাঙ হাপানী বেমাৰত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল৷ তামাঙৰ মৃত্যুত কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাত গভীৰ শোক প্ৰকাশ কৰে৷ দেওবাৰে কাৰেং ট্ৰেভেলছৰ কাউণ্টাৰ আৰু সন্থাৰ মূখ্য কাৰ্যালয়ত তামাঙক শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে তিনিখন বাহনেৰে ডিফু চহৰৰ মাজেৰে সন্থাৰ সদস্যসকলে সমদল কৰি পিছত ডিফু ৰাজহুৱা শ্মশানত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷
কাৰ্বি আংলং মটৰ শ্ৰমিক আৰু চালক সন্থাৰ সভাপতি আবমদুল নুৰ আৰু সাধাৰণ সম্পাদক কৃষ্ণা ভট্টৰায়ে প্ৰয়াত তামাঙৰ মৃত্যু সংগঠনটোৰ এক অপূৰণীয় ক্ষতি হোৱা বুলি কয়৷ তেওঁ চালক সন্থাৰ এগৰাকী দক্ষ নেতা আৰু সু পৰামৰ্শ দাতা আছিল বুলি কয়৷ সভাপতি সম্পাদক দ্বয়ে তামাঙৰ শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেওঁৰ কেন্দ্ৰীয় কাৰ্যালয় বন্ধ ৰখাৰ লগতে তেওঁ বিদেহী আত্মাৰ সদ্গতিৰ বাবে এক শোকসভা অনুষ্ঠিত কৰে বুলি সন্থাৰ কাৰ্যালয় সম্পাদক ছাইদুল ইছলামে এক বিবৃতি যোগে জানিবলৈ দিছে৷