21
Sep
2017

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
মোৰাঝাৰঃ সমাগত দূৰ্গা পূজা৷ শক্তিৰ অধিষ্ঠাত্ৰী দেৱী মা দুৰ্গাৰ শ্ৰীচৰনত এপাহ ফুল অৰ্পণ কৰি ভক্তিভাৱৰ প্ৰকাশ কৰাৰ সময়তে এইবাৰ হোজাই জিলা দণ্ডাধীশে সমগ্ৰ হোজাই জিলাত নিষিদ্ধ কৰিলে চিগাৰেট, গুটখাৰ লগতে আন আন নিচাজাতীয় সামগ্ৰীৰ৷
বুধবাৰে হোজাই জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে তৎকালীনভাৱে বলবৎ হোৱাকৈ এই নিৰ্দেশ জাৰি কৰে৷ আগন্তক দূৰ্গোৎসৱৰ সমূহ পূজা মণ্ডপত নিচাজাতীয় সামগ্ৰী নিষিদ্ধকৰণৰ অৰ্থে অসম স্বাস্থ্য আইন২০১৩ আৰু চিগাৰেট আৰু অন্যান্য ধপাতজাতীয় সামগ্ৰী আইন (COTPA)ৰ অধীনত এই আইন বলবৎ কৰা হয়৷
এই নিষিদ্ধকৰণ দূৰ্গা পূজা উৎসৱ সমাপ্ত নোহোৱা পৰ্যন্ত বলবৎ থাকিব বুলিও দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ঘোষণা কৰে৷