newsnextone.com | চাবুৱাঃ দেশক পৰিস্কাৰ কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বচ্ছ ভাৰত অভিযান আঁচনি ৰূপায়ণ কৰিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ ৰাজ পথত ঝাড়ু মাৰি দেশবাসীক বাৰ্তা দিছিল দেশ পৰিস্কাৰ কৰাৰ৷ মোডীৰ এই প্ৰয়াসৰ পিছতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী, নেতা, মন্ত্ৰী, বিধায়কে হাতে হাতে ঝাড়ু লৈ স্বচ্ছতা অভিযানৰ গুৰুত্ব প্ৰচাৰ কৰে৷

কিন্তু স্বচ্ছতা অভিযানে দুটা বছৰ অতিক্ৰম কৰাৰ পিছত লাহে লাহে এই অভিযান মাথো এখন নাটক হে হৈ পৰা পৰিলক্ষিত হৈছে৷ শ্ল’গান আৰু বেনাৰৰ মাজতে এই অভিযান স্বব্ধ হৈ পৰাত এতিয়া কদৰ্য্যময়তাত গ্ৰাস গৈছে প্ৰায়বোৰ অঞ্চল৷ ইফালে স্বচ্ছতাৰ নামত চৰকাৰে কোটি কোটি টকা আবন্টন দি আহিলেও একাংশ দুৰ্নীতিগ্ৰস্থ বিষয়া-ঠিকাদাৰে স্বচ্ছতাৰ নামত ভেকোঁভাওনা কৰি আবন্টিত ধন জেপত ভৰোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

ডিব্ৰুগড় জিলাৰ চাবুৱা নগৰতো এতিয়া স্বচ্ছতাৰ অভিযান মাথো এক চৰকাৰী শ্ল’গানতে সীমাবদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷ ৰাইজে অভিযোগ কৰা অনুসৰি চহৰখন চাফ-চিকুণ কৰি ৰখাৰ বাবদ নগৰ সমিতিখনে চৰকাৰী আবন্টিত ধন লাভ কৰি আছে যদিও সেয়া তেওঁলোকে হৰলুকিহে কৰিছে৷ 

উল্লেখ্য যে, বৃহৎ চাবুৱা নগৰখনত আজি পৰ্যন্ত এটা ৰাজহুৱা প্ৰসাৱগাৰ নিৰ্মাণ কৰাও হোৱা নাই৷ যাৰ ফলত স্থানীয় ৰাইজে সহযোগ কৰি চাবুৱা চাৰিআলিৰ সমীপত ৰে’ল বিভাগৰ মাটিত এটা কেটা প্ৰসাৱগাৰ নিৰ্মাণ কৰি লয়৷ কিন্তু কেচা প্ৰসাৱগাৰটোৰ পৰা বিয়পি পৰা দুৰ্গোন্ধই অঞ্চলটোৰ দোকানী, গ্ৰাহক, পথচাৰী সকলোকে অতিষ্ঠ কৰে৷ যাৰ ফলত অঞ্চলটোৰ বানিজ্য ব্যৱস্থা যথেষ্ট পৰিমানে অৱনমিত হয়৷ 

এটি উপযুক্ত প্ৰসাৱগাৰ নিৰ্মাণ কৰিবলৈ ব্যৱসায়ী তথা স্থানীয় লোকসকলে বাৰম্বাৰ ৰে’ল বিভাগৰ লগতে চাবুৱা নগৰ সমিতিক এই সন্দৰ্ভত আবেদন জনাই আহিছে যদিও অঞ্চলটোৰ পৰিস্কাৰ-পৰিচ্ছন্নতা আৰু প্ৰসাৱগাৰ নিৰ্মানত কোনোৱে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে৷ 

ইফালে, ঠাইটুকুৰাৰ কদৰ্ময়তাৰ বাবে বিভিন্ন সময়ত বহু কেইজন লোক দুৰ্ঘটনাৰো সন্মূখীন হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে৷ যাৰ ফলত ঠাইখন পৰিস্কাৰ কৰি সুস্থ পৰিৱেশ গঢ় দিবলৈ ৰাইজে চাবুৱা নগৰ সমিতিৰ লগতে চৰকাৰৰ ওচৰত দাবী জনাইছে৷