
newsnextone.com | পৰ্বতঝোৰাঃ ১৫ বছৰীয়া শাসন কালত শিক্ষা বিভাগৰ উন্নয়ন হোৱা বুলি কংগ্ৰেছ চৰকাৰে সংবাদ মাধ্যমৰ জড়িয়তে প্ৰশংসা বুটলিবলৈ চেষ্টা অব্যাহত ৰাখিছিল৷ টেট শিক্ষকক নিযুক্তি দিবলৈ ৰাজধানীত বৰ বৰ সভা অনুষ্ঠিত কৰি বৰ বৰ ভাষণ দিছিল কংগ্ৰেছৰ মন্ত্ৰীয়ে৷ তথাপিও সংস্কাৰ নহ'ল শিক্ষাবিভাগৰ। তাৰ পিছত দিছপুৰ দখল কৰিলে বিজেপিয়ে। যোৱা ২৫ মাহ পূৰ্বে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰেও চমক সৃষ্টিৰ বাবে কাম কৰি যোৱা পৰিলক্ষিত হৈছে৷ গুণোৎসৱ, টেট শিক্ষকক নিযুক্তি দি চমক সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে৷ কিন্তু গ্ৰাম্য এলেকাৰ শিক্ষাৰ পৰিৱৰ্তন হলে আজিও ন'হল।
ৰাজ্যখনৰ সৰ্ব দিশৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ জনসাধৰণৰ পৰা ভোট লৈ শাসন ভাৰ দখল কৰিছিল অগপ, বিজেপি আৰু বিপিএফে৷ ৰাজ্যৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, সীমান্ত সুৰক্ষাৰ দোহাই দি গাদী দখল কৰা চৰকাৰখনৰ ২ বছৰ পাৰ হ’ল যদিও আজিলৈ উন্নয়নত গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত নহ’ল৷ বিশেষকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ দুখ লগা ছবিখনে সচেতন নাগৰিকক চিন্তিত কৰি তোলে৷
শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনেবোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰাৰ সময় আহি পৰিছে৷ কিন্তু এনেবোৰ আঁচনিৰ জৰিয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷
গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা বহু বিদ্যালয়ত আজিও নাই উপযুক্ত শ্ৰেণীকোঠা, ডেস্ক-বেঞ্চ, পৰ্যাপ্ত শিক্ষক৷ তদুপৰি চৰকাৰৰ মুধা ফুটা শিক্ষা ৱ্যৱস্থাৰ সুযোগ লৈ বহু বিদ্যালয়ত শিক্ষক উপস্থিত নথকাকৈয়ে লাভ কৰি আছে মাহেকৰ দৰমহা৷ যাৰ ফলত শিক্ষা ক্ষেত্ৰৰ মান উন্নত হোৱাৰ পৰিৱৰ্তে নিম্নগামী হৈছে চৰকাৰী শিক্ষাৰ গুণগত মানদণ্ড৷
একাংশ শিক্ষকে চলাই অহা মইমতালিৰ পিছতো একো কৰিব ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই শিক্ষা বিভাগে৷ এসময়ৰ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত শিক্ষকক অপমান কৰিলেও, অথৱা নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত থাকিবলৈ কঢ়া নিৰ্দেশ দিলেও কিন্তু একাংশ শিক্ষকৰ গাৰ নোম এডালকে লৰাব নোৱাৰিলে শিক্ষা মন্ত্ৰীৰ নিৰ্দেশে৷
ধুবুৰী জিলাৰ দুখন চৰকাৰীূ বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ মইমতালিত অতিষ্ঠ হৈ পৰিছে ৰাইজ৷ ছাত্ৰ-ছাত্ৰীক শিক্ষা প্ৰদান কৰাৰ পৰিৱৰ্তে বিদ্যালয় চলি থকা সময়তে বজাৰত আড্ডা মাৰি ফুৰা কাণ্ডই ধুবুৰী শিক্ষা খণ্ডৰ ফোপোলা স্বৰূপ উদঙোৱা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজ তথা অভিভাৱকসকলে৷
জানিব পৰা মতে, ধুবুৰী জিলাৰ গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত দক্ষিণ শালমাৰা সমষ্টিৰ চিৰাখোৱা পঞ্চম খণ্ড নয়াপাৰা শিশু কল্যাণ এল পি স্কুল আৰু সোনা উল্যাহ মেম'ৰিয়েল এল পি স্কুলত শিক্ষকে চলাই গৈছে মইমতালি৷ উল্লেখ্য যে, চিৰাখোৱা পঞ্চম খণ্ড নয়াপাৰা শিশু কল্যাণ এল পি স্কুলত মুঠ চাৰি গৰাকী শিক্ষক আছে যদিও মাত্র এজন টেট শিক্ষকেহে বিদ্যালয়খনত পাঠদান কৰিব লগীয়া হৈছে বুলি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে অভিযোগ উত্থাপন কৰিছে৷
যোৱা কিছু দিনৰ পৰা বিদ্যালয়খনৰ সহঃ শিক্ষক হাচেম আলি আৰু প্ৰধান শিক্ষক মাজেম আলিয়ে বিনা কাৰণত বিদ্যালয়ত উপস্থিত নাথাকি বজাৰত ঘুৰি ফুৰাত টেট শিক্ষক নৱজ্যোতি বৰুৱাই অকলেই বিদ্যালয়খনত পাঠদান কাৰ্য চলাই নিবলগীয়া হৈছে৷ আনহাতে প্ৰধান শিক্ষক আৰু সহঃ শিক্ষকগৰাকীৰ এনে দায়িত্বহীন কাণ্ডত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷
আনহাতে একেটা শিক্ষাখণ্ডৰ অন্তৰ্গত সোনাউল্যা মেম'ৰিয়েল এল পি স্কুলৰ প্ৰধান শিক্ষক ছেৰমত আলী চৌধুৰীয়ে এঘাৰ বজাতে বিদ্যালয় ছুটি দি ছাত্র-ছাত্রীক দুপৰীয়াৰ আহাৰৰ পৰা বঞ্চিত কৰি ঘুৰি ফুৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে৷ শিক্ষা খণ্ডৰ অমনোযোগীতাৰ ফলস্বৰুপে বিদ্যালয় দুখনৰ শিক্ষকে নিজৰ ইচ্ছা মতে বিদ্যালয় দুখন চলাই নিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে বিদ্যালয় দুখনৰ শিক্ষক সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগৰ ওচৰত দাবী জনাইছে৷
স্মৰ্তব্য যে, গৌৰীপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া আবুল কালাম আজাদ আৰু চিআৰচিচি আশ্ৰাফুল আলমৰ গাফিলতিৰ ফলত চৰাঞ্চলৰ প্ৰায় ৭০ শতাংশ বিদ্যালয়ত মধ্যাহ্ন ভোজন আৰু পাঠদানত বিয়াগোম অনিয়ম তথা দূৰ্নীতি সংঘটিত হৈ আহিছে যদিও তাত নৱ নিযুক্ত শিক্ষামন্ত্রী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নাকী লগাব পাৰিব নে নাই সেয়া লক্ষণীয় বিষয় হৈ পৰিছে৷