গোলকগঞ্জঃ কংগ্ৰেছ দলে সংখ্যালঘু অঞ্চলত সভা-সমিতি অনুষ্ঠিত কৰি হেৰুৱা ভোট উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে৷ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দল তৎপৰ হৈ পৰাৰ সমানে সমানে তৎপৰ হৈ পৰিছে কংগ্ৰেছ দল। কংগ্ৰেছ দলে গোকলগঞ্জৰ হাতীধূৰাত পঞ্চায়ত অভিৱৰ্তন অনুষ্ঠিত কৰে দেওবাৰে৷

ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধূৰা গো-হাটত কংগ্ৰেছ দলৰ পঞ্চায়ত অভিৱৰ্তন কেইবা হাজাৰ লোক উপস্থিত থাকে। বিমল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত অভিৱৰ্তনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক আবু তাহেৰ বেপাৰী, ওৱাজেদ আলী, মহিবুল হক, বিশ্বজিত ৰায়, অপূৰ্ব ভট্টাচাৰ্য উপস্থিত থাকে৷ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছ দলক ভোট দিয়াৰ বাবে ৰাইজক আহবান জনায় নেতাসকলে। সভাত এ ইউ ডি এফ দলৰ প্ৰায় এহাজাৰ কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

সভাত প্ৰায় ৰাইজৰ উপস্থিতি প্ৰত্যক্ষ কৰি কংগ্ৰেছৰ নেতাসকল  উৎফুল্লিত হৈ শাসকীয়ে বিজেপি দলৰ তীব্ৰ আক্ৰমণ কৰি বিজেপিয়ে একো কৰিব পৰহা নাই বুলি কয়৷ নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি এটাও পালন কৰা নাই বুলি কয়৷ গণ্ডাই গণ্ডাই মিছা কথা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মিছলীয়াৰ ন’বেল পালে হেতেন বুলি কয় প্ৰদেস কংগ্ৰেছৰ সভাপতি ৰিপুণে৷ যদি কোনেৱে মিছলীয়াৰ ন’বেল বঁটা প্ৰদান কৰিলে হেতেন তেন্তে এই বঁটাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পুৰস্কাৰটো পালেহেতেন বুলি কয় বৰাই৷