
নলবাৰীঃ বৃহস্পতিবাৰে নলবাৰীত চি পি আই (এম)ৰ নৱম জিলা সন্মিলন অনুষ্ঠিত হয়৷ নলবাৰী নাট্য মন্দিৰ প্ৰাংগনত অনুষ্ঠিত সন্মিলনত জিলা খনৰ কেইবাশতাধিক নেতা-কৰ্মী উপস্থিত থাকে৷ সন্মিলন উপলক্ষে বিশিষ্ট বাওঁপন্থী নেতা ৰাজেন বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত বিশিষ্ট বাওঁপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে কংগ্ৰেছে অনুসৰণ কৰা জনবিৰোধী নীতি সমূহকে বিজেপি নেতৃত্বাধীন চৰকাৰে কৰিব ধৰিছে বুলি কয়।
পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত চেনী, আটা আদি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ মাজেৰে বিতৰণ কৰা বন্ধ হৈছিল আৰু এতিয়া বিজেপি চৰকাৰে ৰাজহুৱা বিতৰণ ব্যৱস্থাটোকে ধবংস কৰাৰ দিশে আগবাঢ়িছে। 'এক দেশ এক কৰ' ব্যৱস্থাৰ নামত জি এছ টি ৰাজ্য সমূহৰ ওপৰত জাপি দি সৰ্বত্ৰে ৰাইজক জুৰুলা কৰিছে বুলিও কয় দাসে। এয়াই হল বিজেপিৰ সুদিন৷ কংগ্ৰেছ আৰু বিজেপিয়ে এন আৰ চি ৰ নামত সংখ্যালঘু বনাম হিন্দু বাংলাদেশীৰ ৰাজনীতি আৰম্ভ কৰিছে।
তেনেদৰে অগপই সুবিধাবাদী চৰিত্ৰ উদঙাই দিছে বুলি মন্তব্য কৰে হেমেন দাসে। সভাত চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেৱেন ভট্টাচাৰ্যই নিজৰ ভাষণত ৰাজ্যত সৰ্বানন্দ সোণোৱাল চৰকাৰে চমক হে দি আছে যদিও উন্নয়ন-বিকাশৰ ক্ষেত্ৰত কাম কৰিব পৰা নাই বুলি কয়। এচাম মন্ত্ৰী-বিধায়ক, নেতাই মাথো ৰাইজৰ মাজত বিভ্ৰান্তি মূলক মন্তব্য কৰি এক উত্তেজনাময় পৰিবেশ গঢ়াৰ হে প্ৰয়াস কৰি আহিছে। বিশিষ্ট শ্ৰমিক নেতা তপন শৰ্মা, বাওঁপন্থী নেতা ৰবীন মিশ্ৰ, জগত গোস্বামী, উমেশ দত্তই সভাত উপস্থিত থাকে। অভ্যৰ্থনা সমিতিৰ সম্পাদক মহেশ্বৰ দত্তই আতঁ ধৰা সভাৰ অন্তত অনুষ্ঠিত সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট সাংবাদিক কমলেশ শৰ্মাই।