নগাঁওঃ ৰাজ্যৰ একালৰ বিশিষ্ট অভিনেতা, ৰাস-ভাওনাৰ পুৰোধা শিল্পী নগাঁও জিলাৰ হাতীচোঙৰ মাজগাঁও নিবাসী ডিম্বেশ্বৰ কন্দলীৰ বৃহস্পতিবাৰে মৃত্যুক আকোৱালি লয়৷ ৮০ৰ দশকত নটৰাজ, কহিনুৰ আদি থিয়েটাৰৰ জনপ্ৰিয় অভিনেতা, কৃষ্ণ আৰু শিৱৰ ভাওঁত দক্ষতাৰে অভিনয় কৰা হাজাৰ হাজাৰ দৰ্শকৰ হৃদয় জয় কৰিছিল অভিনেতাগৰাকীয়ে৷

নগাঁও জিলাৰ সাংস্কৃিত ক্ষেত্ৰত বিশেষ অৰিহণা যোগােৱা কন্দলীৰ মৃত্যুত অসমে এগৰাকী নিষ্ঠাৱান সাংস্কৃতিক কৰ্মীক হেৰুৱালে বুলি কয় বিভিন্ন জনে৷ বিনা পাৰিশ্ৰমিক তথা বেতনে অভিনয়ৰ প্ৰশিক্ষণ দিছিল ডিম্বেশ্বৰ কন্দলীয়ে৷ গণ নাট্য সংঘ, অসম সাহিত্য সভা, অসম নাট্য সন্মিলন আদি অনুষ্ঠানে অভিনেতাগৰাকীক কামৰ বাবে স্বীকৃতি দি বিশেষ ভাৱে সন্মান যাচে যদিওঁ চৰকাৰৰ ঘৰৰ পৰা মৃত্যুৰ আগমুহূৰ্তলৈকে অৱহেলিত হৈ আছিল৷

মৃত্যুৰ সময়ত অভিনেতাগৰাকীয়ে শিল্পী পুত্ৰ কানু কন্দলী, বোৱাৰী, জীয়ৰী, নাতি, নাতিনী সহ বহু গুণমুগ্ধক ইহ সংসাৰত এৰি থৈ যায়৷ অভিনেতাগৰাকীৰ মৃত্যুত নগাঁও জিলাৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰি পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷