
বোকাজানঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত আধাৰশিলাৰ স্থাপনৰ চমক অব্যাহত আছে৷ বিজেপি দলে পৰিষদ গঠন কৰাৰ পিছৰে পৰা নিতৌ ন-ন আঁচনিৰ আধাৰশিলা স্থাপন কৰি যেন ইতিহাস হে ৰচনা কৰিবলৈ ওলাইছে৷ পৰিষদৰ বিভিন্ন সমষ্টিৰ লগতে বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ৫টাকৈ পৰিষদীয় সমষ্টিত বৃহস্পতিবাৰে ১০টা আঁচনিৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে৷
বৰজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত হিডিপি বজাৰ পৰা লাহৰিজানৰ গৌতমবস্তি সংযোগী ১১ কিঃমিঃ পথ, বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ক্ৰমে চানদে বজাৰ সংযোগী ২ কিঃমিঃ পথ, তেতেলীগুৰী সংযোগী ১.৫৭ কিঃমিঃ পথ, বোকাজান ৰেল আস্থান সংযোগী ২ কিঃমিঃ পথ, ডিলাওজান সংযোগী ২ কিঃমিঃ পথ, বোকাজান ৰেল আস্থানৰ পৰা পুৰণি এনডি পথ সংযোগী ০.৭৩ কিঃমিঃ পথ, বোকাজান নগৰৰ ০.৭০ কিঃমিঃ পথ, সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰামানগৰ জপৰাজান ১৩.৭৮ কিঃমিঃ পথৰ আধাৰশিলা স্থাপন কৰে তুলিয়ে৷
আনহাতে, দেওপানী পৰিষদীয় সমষ্টিৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চাফাপানী-বিবিডিচি সংযোগী ১০ কিঃমিঃ পথ, নিলীপ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এনডি ব্লক-চকিহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় সংযোগী ৩.৩০ কিঃমিঃ পথৰ মুঠ ১০ খন আঁচনিৰ আধাৰশিলা স্থাপন কৰে তুলিৰাম ৰংহাঙে।আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ অধক্ষ্য হৰেনছিং বে', বোকাজান বিধানসভা সমষ্টিৰ বিধায়ক ডাঃ নোমল ম'মিন, কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকন আৰু জগতছিং ইংতি, পৰিষদীয় সদস্য ক্ৰমে লংকি টিমুং, মুকুট মহন্ত, ৰামছিং টিমুং, প্ৰভাত তাৰ'ৰ লগতে ভালেসংখ্যক বিজেপি নেতা আৰু বৃহত্তৰ অঞ্চলটোৰ শতাধিক লোক উপস্থিত থাকে।
বৃহস্পতিবাৰে আঁচনি সমূহৰ আধাৰশিলা স্থাপন কৰি পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ সর্বাংগীন উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত অন্য চৰকাৰতকৈ বিজেপি চৰকাৰ এখোজ হলেও আগবাঢ়ি থাকিব বুলি কোৱাৰ লগতে বিগত নিৰ্বাচনত বিজেপিয়ে প্ৰদান কৰা প্ৰতিটো প্ৰতিশ্ৰুতি বৰ্তমান আখৰে আখৰে পালন কৰি গৈছে বুলি কয় মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাংঙে ৷ আধাৰশিলা স্থাপন কৰা ১০ খনকৈ আঁচনিৰ মুঠ ৪৭.১৪ কিঃমিঃ পথ ২৬,৮৮,০৩,১০০ কোটি টকাৰ বিনিময়ত সম্পূর্ণ কৰি তোলা হ’ব বুলি মুখ্য কাৰ্যবাহীগৰাকীয়ে জানিবলৈ দিয়ে৷