উৰিয়ামঘাটঃ নগাৰ হাতত প্ৰাণ দিয়া প্ৰতিগৰাকী অসমীয়াক শুকুৰবাৰে স্মৰণ কৰে অসম-নাগালেণ্ড সীমান্তৰ অসমীয়াই৷ গোলাঘাট ধনশিৰি সীমান্ত গাঁওবুঢ়া সন্থাৰ উদ্যোগত উৰিয়ামঘাটত পালন কৰা শ্বহীদ দিৱসত স্মৰণ কৰে সীমান্তত নগাৰ হাতত প্ৰাণ দিয়া অসমীয়া লোকসকলক৷ ২৪৬ খন ৰাজহ গাঁৱৰ গাঁওবঢ়াৰ উপস্থিতিত  ধনশিৰি সীমান্ত গাঁওবুঢ়া সন্থাৰ কাৰ্যালয় প্ৰাংগনত ৩৯সংখ্যক শ্বহীদ দিৱস পালন কৰে।

সীমান্ত অঞ্চলৰ ২৪৬ জন গাঁওবুঢ়াৰ উপস্থিতিত পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি হিৰেণ ৰাভাই। তাৰ পিছতেই সীমান্ত অঞ্চলত নগাৰ অাক্ৰমনত নিহত লোকসকলৰ স্মৃতিত শ্বহীদ তৰ্পন কৰা হয়। ১৯৭৯ চনৰে পৰা নগাৰ হাতত নিহত হোৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰতি বছৰে ৫ জানুৱাৰি তাৰিখটো শ্বহীদ দিৱস হিচাপে পালন কৰি অাহিছে সীমান্তৰ ৰাইজে।

শুকুৰবাৰে শ্বহীদ দিৱসত সীমান্ত অঞ্চলৰ অান্তঃগাঠনি উন্নয়ন, অসম-নাগালেণ্ড সীমা বিবাদ শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰা, সীমান্তৰ পথ বিশেষকৈ বোকাজানৰ পৰা ৰেংমাপানীহৈ ১৪ কিঃ মিঃ পথ অান্তঃৰাজ্যিক সংযোগি পথ অাঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক দাবী জনায়। আনহাতে, চুঙাজানৰ ৰংপুৰৰ জীৱন বৰা নামৰ লোক জনৰ ঘৰ নগা দুবৃৰ্ত্তই জ্বলাই দিয়াৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে সীমান্তবাসীক নিৰাপত্তা দিয়াৰ দাবী জনায় চৰকাৰক।