
ঢেকীয়াজুলিঃ এদিনৰ বাবে ছাৰ হল ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব এম জি ভি কে ভানুৱে৷ ভানু ছাৰক শুকুৰবাৰে শোণিপুৰত দেখা গ’ল শিক্ষকৰ ৰূপত৷ শোণিতপুৰৰ বিদ্যালয়ৰ গুণোৎসৱৰ পৰ্যবেক্ষক ৰূপে উপস্থিত থাকি ভানুৱে ভি ভি আই পি আতিথ্য পাহৰি চৰকাৰৰ বিষয়া আমোলাক শিক্ষা বিভাগৰ গুণোৎসৱত মনোনিৱেশ কৰাৰ আহ্বান জনায়৷
ৰাজ্যত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ গুণোৎসৱত ঢেকীয়াজুলি প্ৰাথমিক শিক্ষা খণ্ড এলেকাৰ অসম-অৰুণাচল সীমান্তৰ বাতাসিপুৰৰ বহু কেইখন বড়ো মাধ্যমৰ চৰকাৰী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত মুখ্য সচিব এম জি ভি কে ভানু উপস্থিত হৈ বিদ্যালয়ৰ শৈক্ষিক, আন্তগাঁঠনি, স্বচ্ছতাৰ দিশ সমূহৰ ওপৰত পৰ্যবেক্ষন কৰে৷
ঢেকীয়াজুলিৰ বাতাসিপুৰ অঞ্চলৰ অসম-অৰুণাচল সীমান্তৰ পাকৰিগুৰী এলপি স্কুল, বিলাসিগুৰী এলপি স্কুল, মাইনাওশ্ৰী এলপি স্কুল, চিজুগুৰী এলপি স্কুল আদিকে ধৰি বহু কেইখন বড়ো মাধ্যমৰ বিদ্যালয়ত উপস্থিত হৈ ভানুৱে ছাত্ৰ-ছাত্ৰীক সোধা বিভিন্ন প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হোৱাত আমোলাগৰাকীয়ে সন্তুষ্ট প্ৰকাশ কৰে৷
আনহাতে বিলাসিগুৰী প্ৰাথমিক বিদ্যালয়ত ভানুৱে ছাত্ৰ-ছাত্ৰীৰ সৈতে একেলগে বহি মধ্যাহ্ন ভোজনৰ আহাৰো গ্ৰহণ কৰে৷ ঢেকীয়াজুলিৰ বাতাসিপুৰ অঞ্চলত ৪৫খন বড়ো মাধ্যমৰ বিদ্যালয়ত বিগত দুবছৰে এজনীয়া শিক্ষকৰে পাঠ দান চলি আহিছে৷
এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত ভানুৱে কয়-ঢেকীয়াজুলিত ৪৫খন বড়ো মাধ্যমৰ বিদ্যালয়ত এজনীয়া শিক্ষকৰে পাঠদান চলি থকা বিষয়টোক চৰকাৰে বিবেচনা কৰি শীঘ্ৰেই নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব৷ আনহাতে বড়ো মাধ্যমৰ শিক্ষকৰ অভাৱৰ বাবে শিক্ষক নিযুক্তি দিবলৈ পৰা নাই বুলি কয়৷ ইপিনে গুণোৎসৱে ৰাজ্যৰ শিক্ষা ব্যৱস্থাত শৈক্ষিক নৱজাগৰন সৃষ্টি হ’ব বুলি কয়৷
আনহাতে ঢেকীয়াজুলিৰ লগতে গাভৰু শিক্ষাখণ্ডৰো বহু কেইখন বিদ্যালয়ত নিৰ্দিষ্ট নিয়মৰে গুণোৎসৱৰ কাৰ্যসূচী সম্পন্ন হয়৷ ইয়াৰে ভিতৰত ঔগুৰী প্ৰাথমিক বিদ্যালয়ত মূল্যায়ক বিষয়া হিচাপে সন্ধানী দত্ত কলিতা, ৰবীন্দ্ৰ পাঠশালাত হিৰণময় সেন, ৰোহিনীবিল এল পি স্কুলত ড০ দুৱৰী গোস্বামী, কাঠনীবাৰী এল পিত শান্তি দেৱী ভৰাশিঙৰী প্ৰাথমিক বিদ্যালয়ত (নতুন) ড০ হিমাশ্ৰী কলিতা আদিয়ে অংশ গ্ৰহণ কৰে৷