
খেৰণিঃ ৰাজ্যত যে মহিলা সুৰক্ষিত নহয় এই কখা আকৌ এবাৰ প্ৰমাণ হ’ল ৷ এগকাৰী ৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে পাৰ্বত্য জিলা ডিমা হাছাওৰ উমৰাংছ'ত৷ উমৰাংছ' আৰক্ষী থানাৰ অন্তৰ্গত গ'ল্ফ ফিল্ডৰ সমীপত নৈত এগৰাকী নাবালিকাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছৰে পৰা চাঞ্চল্য অব্যাহত আছে৷ ধৰ্ষণ, যৌতুকজনিত হিংসা, হত্যা, অপহৰণ-সৰবৰাহ আদি চাঞ্চল্যকৰ ঘটনাৰ খবৰে এতিয়া অসমৰ সংবাদজগতে প্ৰকাশ কৰিব লগা হৈছে।
অসমত নাৰী যে সুৰক্ষিত নহয় তাকেই প্ৰমাণ কৰি আহিছে এনেবোৰ ঘটনাই। একাংশ পুৰুষৰ কামনাৰ বলি হবলৈ ধৰিছে নিৰ্দোষী কিশোৰী, যুৱতী অথবা মহিলাই। অপৰাধজনীত কাণ্ডত লিপ্ত হবলৈ যেন অকনো ভয় নকৰা হৈছে একাংশ পুৰুষে। তেনেই এক শিহৰণকাৰী পাশৱিক ঘটনা সংঘটিত হ'ল ডিমা হাছাওৰ উমৰাংছ'ত। উমৰাংছ'ৰ গ'ল্ফ ফিল্ডৰ সমীপত উদ্ধাৰ হল এগৰাকী ৬ বছৰীয়া নাবালিকাৰ মৃতদেহ। অঞ্জনা বেগম নামৰ নাবালিকাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ কৰিছে অঞ্চলটোৰ একাংশ ৰাইজে।
এনে পাশৱিক কাণ্ডৰ নায়ক হিচাপে স্থানীয় ৰাইজে সন্দেহ কৰে একেটা অঞ্চলত প্ৰতিবেশী ১৩ বছৰীয়া কিশোৰৰ বিৰুদ্ধে। একাংশই ১৩ বছৰীয়া কিশোৰগৰাকীয়ে নিতৌ অঞ্জনা বেগমক লগত লৈ লক্ষ্যস্থান বিহীনভাৱে অঞ্চলটোৰ ইমূৰৰ পৰা সিমূৰলৈ জ্ঞাতে-অজ্ঞাতে ঘুৰি ফুৰিছিল। স্থানীয় ৰাইজে যতেই লগ পায় কেৱল দুয়োকে একেলগে দেখা পায়।
সেয়ে এই কাণ্ডৰ মূল অভিযুক্ত ১৩ বছৰীয়া কিশোৰগৰাকী বুলি ৰাইজে অভিযোগ তুলিছে৷ কিশোৰগৰাকীৰ বিৰুদ্ধে গোচৰ নম্বৰ ১/১৮---৩০২/২০১ ধাৰাৰ এক গোচৰ ৰুজু কৰে অঞ্জনাৰ পৰিয়ালে। গোচৰৰ উমৰাংছ' আৰক্ষীয়ে আটক কৰিছে ১৩ বছৰীয়া কিশোৰক৷ শিহৰণকাৰী ঘটনাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলজুৰি এক চেপা-উত্তেজনা সৃষ্টি হয় আৰু পৰিণতিত উত্তেজিত ৰাইজে কিশোৰগৰাকীৰ বাসগৃহত আক্ৰমণ চলায় বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। অৱশ্যে পৰৱৰ্তী সময়ত আৰক্ষীৰ তৎপৰতাত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ কিছু শাম কাটে অঞ্চলটোত।