ডিজিটেল ডেস্কঃ শকুনি মামাৰ চলনা, অৰ্জুনৰ বিচক্ষণতা, যুধিষ্ঠিৰৰ দুৰদৰ্শিতা, কৃষ্ণৰ সেই 'হে পাৰ্থ’ বোলা মন প্ৰশান্ত কৰি দিয়া সেই মাতশাৰীয়ে হওক, প্ৰতিটো প্ৰজন্মক চিন্তা আৰু মনোৰঞ্জনৰ খোৰাক যোগাব পৰা মহাকাব্য মহাভাৰতক লৈ সৰুপৰ্দাৰপৰা বলীউডলৈ পৰীক্ষা-নীৰিক্ষাৰ অন্ত নাই।

গ্ৰন্থৰ ক’লা ক’লা আখৰৰপৰা সৰুপৰ্দাত মহাভাৰতক জীৱন্ত ৰূপ দিয়া নব্বৈৰ দশকৰ ৰবি চোপ্ৰাৰ মহাভাৰতৰ ৰূপায়নে টেলিভিশ্যনৰ যুগত এটা প্ৰজন্মৰ চুই চুকে-কোণে চুই গৈছিল। সম্পৰ্ক, মূল্যবোধ, ৰাজনীতি আৰু ক্ষমতাৰ এই জটিল যুঁজখনক তাৰ পিছতেই আকৌ ন ৰূপ দিয়াৰ প্ৰচেষ্টাৰ শেষ নাই।

এইবাৰ পিছে এই প্ৰচেষ্টাক এক বিশ্বমানৰ ৰূপ দিয়াৰ চেষ্টাৰ কৰা হৈছে। এয়া পিছে সৰুপৰ্দাত নহয়, বলীউডত নিৰ্মাণ কৰাৰ কথা চলিছে মহাকাব্যখনৰ। তাকো বলীউডৰ আটাইতকৈ ব্যয়বহুল ছবি হোৱাৰ পথত এই কৌৰৱ-পাণ্ডব গাঁথা।

১০০০ কোটি টকাৰ ব্যয়েৰে মহাভাৰতক এক অনন্য ৰূপত ডাঙৰ পৰ্দাত তুলি ধৰাৰ কথা ঘোষণা কৰিছে সংযুক্ত আৰৱ এমিৰেটচৰ ব্যৱসায়ী বি আৰ চেট্টীয়ে। ছবিখনৰ পৰিচালক হৈছে শ্ৰীকুমাৰ মেনৰ।

দুটা খণ্ডত নিৰ্মিত হ’বলগা এই চিনেমাখনৰ কাম ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হ’ব বুলি জানিবপৰা গৈছে। ইয়াৰে প্ৰথম খণ্ডটো ২০২০ চনত মুকলি কৰা হ’ব আৰু পৰৱৰ্তী খণ্ডটো মুকলি কৰা হ’ব তাৰে ৯০ দিন পিছত। 

ছবিখন ইংৰাজী, হিন্দী, মালায়লম, কানাড়া, তামিল আৰু তেলেগু ভাষাত নিৰ্মিত হ’ব আৰু প্ৰমুখ ভাৰতীয় তথা বিদেশী ভাষাত ডাব কৰা হ’ব বুলি চেট্টীয়ে জানিবলৈ দিছে। ছবিখন এম.টি. বাসুদেবামৰ 'ৰণ্ডমুঝাম’ৰপৰা লোৱা হৈছে য’ত দ্বিতীয়জন পাণ্ডব ভীমৰ মুখেৰে কাহিনীভাগ বৰ্ণোৱা হৈছে। 

তাৎপৰ্যৰ কথা যে ছবিখনত বিশ্বমানৰ কলাকুশলীয়ে কাম কৰিব। 'চিনেমাখনে ভাৰতীয় সংস্কৃতি-সভ্যতাৰ এক পৰিচয় হিচাপে স্থান পাব বুলি ইউএই এক্সচেঞ্জৰ তথা এনএমচি হেলথকেয়াৰৰ প্ৰতিস্থাপক তথা অধ্যক্ষ চেট্টীয়ে ঘোষণাৰ সময়ত মন্তব্য কৰে। 

ছবিখন শতাধিক ভাষাত অনুদিত হ’ব বুলি আশা ব্যক্ত কৰা চেট্টীয়ে কয় যে ইয়াৰ জৰিয়তে বিশ্বৰ ৩ বিলিয়ন লোকে মহাভাৰতৰ কাহিনী জানিবলৈ পাব। বিগত কিছুবছৰ ধৰি এই প্ৰকল্পটোৰ কামত লাগি থকা পৰিচালক মেননে কয় যে গুণাগুণ আৰু দৃশ্য-শ্ৰাব্যৰ ক্ষেত্ৰত এই ছবিখনে এক নতুন যুগৰ সূচনা কৰিব। 

উল্লেখ্য যে বলীউডৰ জনপ্ৰিয় নিৰ্মাতা এচ এচ ৰাজামৌলিয়ে মহাভাৰতক লৈ ছবি নিৰ্মাণৰ জল্পনা-কল্পনা কৰি আছে। আনকি পাৰফেকশ্যনিষ্ট আমীৰ খানৰ সৈতে এই সন্দৰ্ভত কথা-বতৰা হোৱা আৰু আমীৰে ছবিখনক লৈ উৎসাহিত হোৱা বুলি শেহতীয়াকৈ জনাইছিল ৰাজামৌলিয়ে।