দুলীয়াজানঃ ডিব্ৰুগড় জিলাৰ তৈল নগৰী দুলীয়াজনৰ সমীপৰ নগাজানত শনিবাৰে ভাৰতীয় সেনা বাহিনীয়ে বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে৷

সেনাৰ অভিজ্ঞ চিকিৎসকে পুৱাৰে পৰা স্থানীয় লোকক চিকিৎসা সেৱা আগবঢ়াই৷ অঞ্চলটোৰ দৰিদ্ৰ শ্ৰমিক, খাটিখোৱা লোকসকলে বিনামূলীয়া চিকিৎসা কৰিবলৈ হেতা ওপৰা লগাই৷

শ-শ লোকৰ বিনামুলীয়া চিকিৎসা গ্ৰহণ কৰাৰ লগতে বিনামুলীয়া ঔষধ প্ৰদান কৰে সেনাই৷ ভাৰতীয় সেনা বাহিনীৰ এনে পদক্ষেপক অঞ্চলবাসীয়ে আদৰণি জনায়৷ ভাৰতীয় সেনা বাহিনী দুলীয়াজান কেম্পৰ উদ্যোগত অনুষ্ঠিত হয় চিকিৎসা শিবিৰ৷