
বিহালীঃ ৰাজ্যৰ গ্ৰাম্য এলেকাৰ তথা চাহ বাগিচা সমূহত কাম কৰা লোকৰ সতি-সন্তানৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ফুটবল খেল কাপ প্ৰতিযোগিতা৷ যোৱা শনিবাৰৰ পৰা বিহালী বিধান সভা সমষ্টিত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ফুটবল খেল কাপ প্ৰতিযোগিতা৷
বাহিলী সমষ্টিৰ ফুটবল প্ৰতিযোগিতাৰ আনুষ্ঠানিকভাৱে উদ্ধোধন কৰে বিহালী চাহ বাগিচাৰ অতিৰিক্ত পৰিচালক প্ৰনৱ কুমাৰ হাজাই৷ ক্ৰীড়া নিৰ্দেশক ৰঞ্জিৎ গগৈৰ পৰিচালনাত অনুষ্ঠিত উদ্ধোধনী খেলত অংশ গ্ৰহণ কৰে বেদেতী চাহ বাগিছা বনাম মিজিকা চাহ বাগিচাৰ দলে ৷
১-০ গলৰ ব্যৱধানত বেদেতী চাহ বাগিচা দলে বিজয়ীৰ খিতাপ অৰ্জন কৰে৷ বিহালীত অনুষ্ঠিত চিএম কাপৰ প্ৰতিযোগিতাত ১৯ টাকৈ দলে অংশ গ্ৰহণ কৰিব৷ আনহাতে, অনুষ্ঠানত উপস্থিত থাকে বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই৷ খেলখন পৰিচালনা কৰে ৰঞ্জিৎ গগৈ, মিন্টু মুণ্ডা আৰু অভয় মুণ্ডাই৷