
ফিল'বাৰীঃ তিনিচুকীয়া জিলাৰ বৰডুমচা-বুঢ়ীদিহিং অঞ্চলৰ লগতে চুবুৰীয়া অৰুণাচলৰ অসম সীমান্তৰ ডেকা-বুঢ়া সকলো এতিয়া ব্যস্ত হৈ পৰিছে৷ অসম সাহিত্য সভাৰ অধিবেশনৰ বাবে এই প্ৰস্তুতি৷ প্ৰতিজন সাহিত্য প্ৰেমী ৰাইজে যেন বুকু ভৰাই মৰম আৰু কেতবোৰ মিঠা স্মৃতি যাতে কঢ়িয়াই নিব পাৰে তাৰ বাবে হিয়া উজাৰি দিবলৈ বুঢ়ীদিহিং-বৰডুমচা বাসী যেন বদ্ধপৰিকৰ৷
অৰুণাচলৰ চিংফৌ হেৰিটেজ ভিলেজ প্ৰাংগনতো অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ ৭৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ একাধিক গুৰুত্বপূৰ্ণ কাৰ্যসূচী৷ অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে তিনিচুকীয়া জিলাৰ পেঙেৰীৰ সমীপৰ ৰিতুপথাৰৰ বদৌচা সমন্বয় ক্ষেত্ৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ মাটিতো সমান্তৰালভাৱে অনুষ্ঠিত হ’ব ৭৪ সংখ্যক সাহিত্য সভা অধিবেশনৰ কাৰ্যসূচী৷ ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে চিংফৌ হেৰিটেজ ভিলেজৰ শ্বপং য়ং ক্ষেত্ৰ৷
আদৰণি সমিতিয়ে জানিবলৈ দিয়া ম’তে, অৰুণাচলৰ শ্বপং য়ং ক্ষেত্ৰত সভাৰ মূল প্ৰতিনিধি সভা, যুৱ সাংসদ সমাৰোহ, সাংস্কৃতিক সমাৰোহ, কুঁহি-আকাশ আৰু কবি সন্মিলন অনুষ্ঠিত হ’ব৷ তদুপৰি শ্বপং য়ং ক্ষেত্ৰৰ পৰাই ৰিতুপথাৰৰ উলিওৱা হ’ব সাংস্কৃতিক শোভাযাত্ৰা৷