নগাঁওঃ কণ কণ শিশু, কিশোৰ-কিশোৰীৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে কাম কৰা অহা অৱনী কুমাৰ শইকীয়াক দেওবাৰে বিশেষ ভাবে সম্বৰ্ধনা যাচে প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰই৷ অকণিসকলৰ বাবে উৎসৰ্গিত এক ব্যতিক্ৰমধৰ্মী অনুষ্ঠান 'অকণি কবিতা ঘৰ'ৰ প্ৰধান পৰিচালক অৱনী কুমাৰ শইকীয়াই ওৰে জীৱন শিশুৰ বাবে কাম কৰাৰ বাবে স্বীকৃতি প্ৰদান কৰা প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰই৷

কাহিলীপাৰাৰ প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে শনিবাৰে কামৰূপ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰগতি নৃত্য মহোৎসৱত অনুষ্ঠানত অসমৰ সাহিত্য, সংস্কৃতি আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ অনবদ্য বৰঙণি আগবঢ়োৱা ২৫গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত নগাঁও জিলাৰ শিশুপ্ৰেমী অৱনী কুমাৰ শইকীয়াক সম্বৰ্ধনা যাচে৷

১৯৯৪ চনতে ৰহাত প্ৰতিষ্ঠিত আৰু চলিত বৰ্ষত ৰূপালী জয়ন্তী পালন কৰা 'অকণিৰ কবিতা ঘৰ' নামৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইৰ শিশু আৰু অকণিসকলৰ শৈক্ষিক, মানসিক আৰু বৌদ্ধিক উত্তৰণত অৰিহনা যোগোৱা এইগৰাকী শিশুপ্ৰেমীক এখন অংগবস্ত্ৰ, এখন পুথি আৰু এখন সম্বৰ্ধনা পত্ৰৰে সন্মানিত কৰে প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ কেন্দ্ৰই।

সম্বৰ্ধনাৰ লগে লগে এইগৰাকী মহান ব্যক্তিৰ বৰ্ণাঢ্য জীৱন পৰিক্ৰমা ৰাইজৰ আগত দাঙি ধৰে 'প্ৰগতি সাংস্কৃতিক প্ৰশিক্ষণ বিকাশ কেন্দ্ৰ'ৰ সম্পাদক গোপাল চন্দ্ৰ বৰদলৈয়ে। উল্লেখ্য যে, নগাঁও জিলাৰ হাতীচোং মেধিচুকত জন্মগ্ৰহণ কৰা অৱনী কুমাৰ শইকীয়াই ৰহাত কলেজীয়া জীৱন সমাপ্ত কৰাৰ পিছৰে পৰা সূদীৰ্ঘ দিন ৰহাত থাকি কেৱল শিশু আৰু অকণিসকলৰ সামগ্ৰিক বিকাশৰ বাবে ওৰে জীৱন উচৰ্গা কৰে।

জীৱনজোৰা সাধনাৰ স্বীকৃতিস্বৰূপে তেখেতক এই সম্বৰ্ধনা প্ৰদান কৰাত অকণিৰ কবিতা ঘৰৰ সদস্যসকলৰ লগতে ৰহাবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। 'প্ৰগতিৰ নৃত্য মহোৎসৱ' শীৰ্ষক মনোজ্ঞ অনুষ্ঠানটোত ৰহাৰ 'অকণিৰ কবিতা ঘৰ' কেন্দ্ৰীয় সমিতিৰ হৈ ৰন্টু মুদৈ, পংকজ কুমাৰ পাৰৈ, অংশুমান শৰ্মা, ৰিতু দাস, জয়ন্ত দাস আদিয়ে প্ৰতিনিধিত্ব কৰে।