
চিচি বৰগাঁওঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ এখন বিশেষ সভা অনুষ্ঠিত হয়। ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি থকা প্ৰিয়াংকু প্ৰতীম চুতীয়াক কেন্দ্ৰীয় সমিতিয়ে স্থায়ী সভাপতি হিচাপে নিযুক্তি দিয়ে।
জানিব পৰা মতে, সংগঠনটোৰে ধমাজি জিলা সমিতি খন বিগত তিনিমাহ ধৰি ভাৰপ্ৰাপ্ত সভাপতিৰে চলি আছিল। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি হিচাপে দায়িত্ব অৰ্পন কৰে উপ-সভাপতি প্ৰিয়াংকু প্ৰতীম চুতীয়াক।
ধেমাজি জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এই দায়িত্ব অৰ্পণ কৰে। সভাত সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক বিজন বায়ন, জিতুল ৰাজখোৱা আৰু সৌৰভ দাস পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। সভাত কেন্দ্ৰীয় সমিতিৰ সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক প্ৰদীপ শৰ্মাও উপস্থিত থাকে।