
জোনাইঃ দিনৰ দিনটো সংবাদ সংগ্ৰহত ব্যস্ত থকা সাংবাদিকসকলে নিজৰ পৰিয়ালটোকে সময় দিব নোৱাৰা হয়৷ পুৱাৰে পৰা নিশালৈ ব্যস্ত হৈ থকা সাংবাদিকে সময় মতে খাবলৈ, শুবলৈ নাপায় যদিও সমাজৰ স্বাৰ্থত বিভিন্ন কাম কৰিবলৈ ওলাই অহা দেখা যায়৷ সমাজৰ বিভিন্ন স্তৰৰ দুৰ্নীতি, ভ্ৰষ্টচাৰ, সফলতা, বিফলতা, ইতিহাস, প্ৰকৃতিৰ কথা দাঙি ধৰে সাংবাদিকসকল৷
সমাজৰ প্ৰতিটো স্তৰৰ মিঠা-কেহা স্মৃতিৰ সজীৱ হৈ থকা তেওলোকৰ জীৱন পৰিক্ৰমা৷ বহু মানুহ লগ পোৱা, বহু ঘটনাৰ সাক্ষী গৈ ৰোৱা সাংবাদিকসকলে কেতিয়াবা কেতিয়াবা জীৱনৰ মিঠা অভিজ্ঞতা সমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰা দেখা যায়৷ একো একো গৰাকীসাংবাদিকে লিখা একোখন গ্ৰন্থ আদৰৰ হৈ পৰে৷ তাৰ মাজতে প্ৰকৃতি প্ৰেমী সাংবাদিক এগৰাকীয়ে লিখি উলিয়াইছে এখন গ্ৰন্থ৷ উজনিৰ সাংবাদিকগৰাকী সদায় প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে৷
সাংবাদিক-লেখক ৰয়েল পেগুৰ চতুৰ্থ গ্ৰন্থ ‘সমাজ-সংস্কৃতি আৰু অন্যান্য’ মঙলবাৰে জোনাই প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়৷ ছেভ পবা ৰেইন ফৰেষ্টৰ হৈ আখৰ প্ৰকাশৰ দ্বাৰা প্ৰকাশ কৰা গ্ৰন্থ খন উন্মোচন কৰে ৰাজেশ্বৰ পেগুৱে৷ উন্মোচনী সভাত অৱসৰ প্ৰাপ্ত শিক্ষক গীৰিণ শৰ্মা, ডা০ বিদ্ধেশ্বৰ দলে, কবি তোষেশ্বৰ আগৰৱালা, জোনাই নিৰ্বাচনী বিষয়া সঞ্জীৱ ফুকন, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰোহিনী পেগু, শিক্ষক প্ৰদীপ গগৈ, সাংবাদিক বিজয় বৰি, শিল্পী শিক্ষক ইন্দ্ৰেশ্বৰ পেগু, শিক্ষক প্ৰদীপ গগৈ উপস্থিতি থাকে৷
লেখক ৰয়েল পেগুক প্ৰশংসা কৰি বিশিষ্ট লোকসকলে তেওঁৰ লিখনি সদায় গতি লাভ কৰক বুলি মতপোষণ কৰে৷ সংবাদিক বিজয় বৰিয়ে আঁতধৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকে জোনাই, মিছিং বানে কৌবাঙৰ সাধাৰন সম্পাদক গিৰীন মৰাং, ড০ ঘনকান্ত লাগাছু, প্ৰৱক্তা অতুল হাজৰিকা, ছেভ পবা ৰেইন ফৰেষ্টৰ উপদেষ্টা ৰাজীৱ পেগু, খগিৰাম পেগু, কবি তোষেশ্বৰ আগৰৱালা, জলেন্দ্ৰ দলে, উপেন পেগু, জোনাই প্ৰেছ ক্লাৱৰ সদস্য গৌতম পেগু, ভাস্কৰ টায়েং, প্ৰানজিৎ দলে, অনুজ প্ৰজাপতি, অপূৰ্ব পেগু, কৰবী দলে৷