ডিজিটেল ডেস্কঃ দেশত এতিয়া পকৰাক লৈ আৰম্ভ হৈছে ৰাজনীতি৷ এটি ব্যক্তিগত খণ্ডৰ নিউজ চেনেলত পকৰাৰ কথা উল্লেখ কৰাৰ পিছৰে পৰা বিভিন্ন লোকে পকৰাৰ ৰাজনীতিতিত জপিয়াই পৰিছে৷ এইবাৰ পকৰাক প্ৰতিবাদৰ মাধ্যম হিচাপে ললে দেশৰ উচ্চ শিক্ষিত যুৱকে৷ দেওবাৰে বাংগালুৰুত অনুষ্ঠিত হোৱা বিজেপিৰ এখন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লবলৈ যোৱাৰ সময়তে একাংশ শিক্ষিত যুৱকে পকৰা লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷

সমাৱেশ স্থলীৰ কিছু মিটাৰ নিলগত একাংশ উচ্চ শিক্ষিত ছাত্ৰই পকৰা বিক্ৰী কৰি প্ৰতিবাদ সাব্যস্ত কৰে যদিও আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰসকলক সমাৱেশ আৰম্ভ হোৱাৰ আগতেই স্থলীৰ পৰা আঁতৰাই পঠিওৱাৰ চেষ্টা কৰিছিল৷ জানিব পৰা মতে, চাকৰিক মোডীয়ে পকৰা বেচা কাৰ্যৰ সৈতে তুলনা কৰি দিয়া মন্তব্যৰ বিৰোধিতা কৰি ছাত্ৰসকলে ডিগ্ৰীধাৰীৰ প্ৰতীকি চোলা পিন্ধি প্ৰতিবাদ সাব্যস্ত কৰে৷

ছাত্ৰসকলে সমাৱেশস্থলীলৈ অহা যোৱা কৰা ৰাইজক মোডী পকৰা, অমিত শ্বাহ পকৰা, কৰ্ণাটকৰ ৰাজ্যিক বিজেপিৰ সভাপতি বিএছ য়েডিয়ুৰাপ্পা পকৰা নামেৰে পকৰা বিক্ৰী কৰি মোডীয়ে কৰা মন্তব্যৰ বিৰোধিতা কৰে৷ উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউজ চেনেলত দিয়া সাক্ষাৎকাৰত চাকৰিৰ ক্ষেত্ৰত সোধা প্ৰশ্নৰ উত্তৰত কৈছিল, নিউজ চেনেল ষ্টুডিঅ’ৰ বাহিৰত যদি কোনোবাই প্ৰতিদিনে পকৰা বেচি ২০০ টকাকৈ উপাৰ্জন কৰে, তাকো চাকৰি বুলি ক’ব পৰা যায়৷

তাৰ পিছতে নৰেন্দ্ৰ মোডীক কংগ্ৰেছৰ জ্যেষ্ঠ নেতা প্ৰাক্তন বিত্তীয় মন্ত্ৰী পি চিদাম্বৰমে উভতি ধৰি ভিক্ষা বৃত্তিকো চাকৰি বুলি ধৰি ল’ব পাৰি কয়৷ তাৰ মাজতে, মোডীৰ সমাৱেশত প্ৰতিবাদকাৰী ছাত্ৰসকলে পকৰা বিক্ৰী কৰি৷ ভাৰতীয় ৰাষ্ট্ৰীয় ছাত্ৰ সংগঠনৰ নেতা-কৰ্মীসকলৰ এজনে কেৰাহীত পকৰা বনাই থকাৰ লগতে বাকী ছাত্ৰ-ছাত্ৰীসকলে পকৰাৰ ম্যেনুৰ বেনাৰ হাতে হাতে লৈ বিজেপি বিৰোধী শ্ল’গানেৰে উত্তাল কৰে পৰিৱেশ৷

কৰ্ণাটকৰ এনএছইউআইৰ উপাধ্যক্ষ জীতেন্দ্ৰ সিঙে কয়, আমি বহু বছৰৰ পৰাই চাকৰিৰ বাবে অপেক্ষা কৰি আছোঁ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে আমাৰ বাবে একো নকৰিলে৷ বৰঞ্চ পকৰা বেচাৰ দৰে উপলুঙাসূচক মন্তব্যহে আগবঢ়াই৷ যাৰ আমি ঘোৰ বিৰোধিতা কৰিছোঁ৷ আমি পইচা খৰচ কৰি পঢ়া-শুনা কৰিছিলোঁ, কিন্তু বৰ্তমানেও আমাৰ বাবে কোনো ধৰণৰ চাকৰি নাই৷ সিঙে লগতে কয়, মোডীয়ে দুই কোটি চাকৰিৰ সংস্থাপন দিম বুলি কোৱা প্ৰতিশ্ৰুতি এতিয়া ক’লৈ গ’ল?